নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ : আগন্তুক ৰাস উৎসৱৰ বাবে বৃহত্তৰ সোনাপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি । সোণাপুৰৰ স্থায়ী ৰাসস্থলীত অষ্টম বাৰ্ষিক ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত।

উল্লেখযোগ্য যে ১২ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ হ’ব লগা ৰাস মহোৎসৱৰ ডেৰশতকৈ অধিক মূৰ্ত্তি থাকিব ।

ৰাস মহোৎসৱৰ সভাপতি বশিষ্ঠ মুনি ৰাম দে কয় যে প্ৰত্যেক বছৰৰ দৰে এইবাৰো শ্ৰী কৃষ্ণৰ বাল্য কালৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্য্যায়ৰ মূৰ্তি প্ৰস্তুত কৰিছে মৃণ্ময় শিল্পী সকলে।

৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ এই ৰাস মহোৎসৱ অনুষ্ঠিত হোৱাৰ বাবে প্ৰত্যেক বছৰে হাজাৰ হাজাৰ লোকৰ সমাগম হয় এই ৰাস মহোৎসৱত।

ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়। ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদ্‌যাপিত হয়।