ৰঙিয়া, ২০ মেঃ ৰঙিয়াত পুণৰ দিন দুপৰতে লোমহৰ্ষক ডকাইতি। চিনেমাৰ কায়দাৰে এইবাৰ ডকাইতৰ দলে সংঘটিত কৰিলে ডকাইতি কাণ্ড৷ বেংকত ধন জমা থবলৈ অহা গ্ৰাহকৰ ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি তিনি জনীয়া দুৰ্বৃত্ত দলে লুটি নিলে ৪ লাখ ৫০ হাজাৰ টকা । সংকটজনক অৱস্থাত আহত গ্ৰাহকজনক চিকিৎসালয়ত ভৰ্তি কৰা হয়। আঘাতপ্ৰাপ্ত যুৱকজন ৰঙিয়াৰ হোণ্ডা ডিলাৰৰ কৰ্মচাৰী ৰন্টু আলী। ৰঙিয়া আৰক্ষী থানাৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত্বৰ ইউনিয়ন বেংক অৱ ইণ্ডিয়াত হোণ্ডা ডিলাৰৰ কৰ্মচাৰী ৰন্টু আলীয়ে নিজ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ৪ লাখ ৫০ হাজাৰ টকা  জমা থবলৈ যায়। প্ৰথম মহলাত থকা বেংকটোত সোমোৱাৰ মুহূৰ্ততে তলৰ মহলাৰ কৰিডৰত পূৰ্বৰ পৰা খাপ পিটি থকা তিনি জনীয়া দুৰ্বৃত্তৰ দলে চিনেমাৰ কায়দাৰে গ্ৰাহকজনক ডিঙিত ছুৰী থৈ টকাৰ বেগটো কাঢ়ি নিয়ে৷ দুৰ্বৃত্তৰ দলটোৱে ছুৰীখনেৰে যুৱকজনক ডিঙি ৰেপি পলায়ন কৰে৷ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত যুৱকজনে কোনোমতে বেংকটোৰ ভিতৰত প্ৰবেশ কৰে৷ বেংক কৰ্তৃপক্ষই আহত যুৱকজনক প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰি ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত অৱগত কৰে। আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে গিজ্-গিজাই থকা ৰঙিয়া নগৰত এনেদৰে ধাৰাবাহিকভাৱে চুৰি-ডকাইতি আৰু ধন লুটৰ ঘটনাৰ বাবে  ৰঙিয়াবাসীয়ে নিৰাপত্তাহীনতা ভুগিবলগীয়া হৈছে।