সোণতলী, ২০ মেঃ ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষাৰ পোহৰ বিলোৱা এজন শিক্ষক জীৱন এতিয়া ঘোৰ অন্ধকাৰত৷ ধনৰ অভাৱত চিকিৎসা কৰিবলৈ অক্ষম দক্ষিণ কামৰূপৰ ছমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত সোণতলীৰ উত্তৰ শেলৌসুতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্বাহজামাল হক৷  শিক্ষাৰ ক্ষেত্ৰতো পিছপৰা উত্তৰ শেলৌসুতি গাঁৱৰ জলিল দেৱানীৰ পুত্ৰ চৰকাৰী চাকৰিয়াল শ্বাহজামাল হকে ১৯৮৩ চনত স্থাপন কৰিছিল এখন প্ৰাথমিক বিদ্যালয়৷ অঞ্চলটোৰ কণ-কণ শিশুৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্য ৰাইজৰ সহায়-সহযোগত শ্বাহজামাল হকে বিদ্যালয়খন স্থাপনৰ  সুদীৰ্ঘ ৩৪ বছৰ কাল অতিক্ৰম কৰিছে যদিও বিদ্যালয়খন চৰকাৰীকৰণ হোৱা নাই৷  বিদ্যালয়ৰ গৃহৰ নিৰ্মাণ বাবদো চৰকাৰে  দিয়া নাই কোনো পুঁজিৰ আৱন্টন৷ যাৰ কাৰণে জৰাজীৰ্ণ গৃহৰ এটা কোঠালিতেই ৫ টাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে পাটি বা মাটিত বহিয়েই জীৱনৰ আদি পাঠ গ্ৰহণ কৰিব লগীয়া হৈছে ৷ বিদ্যালয়ৰ আন একাংশ কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে গছৰ তলতো থৈলা বস্তাত বহিয়েই গ্ৰহণ কৰিছে আদি পাঠ৷ প্ৰধান শিক্ষক শ্বাহজামাল হক আৰু সহকাৰী শিক্ষক আখ­তাৰুজ জামানে বিভিন্ন সমস্যাৰ মাজত বিদ্যালয়খনত দুশতকৈ অধিক ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাই আছে৷ কিন্তু বৰ্তমান প্ৰধান শিক্ষক শ্বাহজামালৰ হকৰ শাৰিৰীক অৱস্থা অতি শোচনীয়৷ হকৰ এটা চকু সম্পুৰ্ণ ৰূপে বিকল হোৱাৰ উপৰি আনটো চকুৰো অপাৰেশ্বন কৰোৱা হৈছে৷ বহুমূত্ৰ তথা চকুৰ বেমাৰত ভূগি থকা শ্বাহজামানৰ দুখ দুৰ্গতি সম্প্ৰতি কুলায় পাচিয়ে নধৰা হৈছে৷ ধনৰ অভাৱক চিকিৎসাৰ পৰা বঞ্চিত হ’ব লগা হৈছে শ্বাহজামাল হক৷ শ্বাহজামালৰ বিদ্যালয়ৰ পৰা কেবাজনো ছাত্ৰ-ছাত্ৰীয়ে ডক্টৰেট, এলএলবি, এলএলএম আদি ডিগ্ৰীলৈ চাকৰি, ব্যৱসায়, বাণিজ্যৰে সমাজত প্ৰতিষ্ঠিত হৈছে৷ কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষাৰ পোহৰ পৰাটোয়ে জীৱনৰ ডাঙৰ সফলতা বুলি ভাৱিয়েই দিন অতিবাহিত কৰাৰ বাদে অন্য কোনো উপায় নাই৷ কাৰণ শ্বাহজামাল হক বা তেওঁৰ বিদ্যালয়ৰ খবৰ ল’বলৈ আহৰি নাই কোনো জনপ্ৰতিনিধি, আমোলা-বিষয়া, ৰাজনৈতিক নেতা বা চৰকাৰৰ৷