নগাঁও : তীৰ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। জব্দ নগদ ধন। আটক তিনিজন তীৰ মাফিয়া। জেৰাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ তীৰ মাফিয়া তিনিজনক। হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত চলিছিল অভিযান।

নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰংগ পাটোৱাৰী পুনৰ এবাৰ চৰ্চালৈ আহিছে। মোবাইল ফোন চোৰৰ দুই লাখ টকাৰ উৎকোচ অস্বীকাৰ কৰি শতাধিক চুৰিৰ মোবাইল ফোনসহ ঝাৰখণ্ডৰ দুই মোবাইল ফোন চোৰক গ্ৰেপ্তাৰ কৰি চৰ্চালৈ আহিছিল হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰংগ পাটোৱাৰী।

হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে অন্য এক সফল অভিযান চলাই পুনৰ চৰ্চালৈ আহিছে। তীৰ মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰা সাফল্যৰ বাবে চৰ্চালৈ অহা আৰক্ষী বিষয়া গৰাকীক প্ৰশংসা কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রই। এটাৰ পিছত আনটো সাফল্যৰ বাবে জিলাখনত এতিয়া সকলোৰে মুখে মুখে তৰংগ পাটোৱাৰীৰ নাম।

হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰংগ পাটোৱাৰীয়ে শনিবাৰে নিশা তীৰ মাফিয়াৰ বিৰুদ্ধে এক অভিযান চলায়। তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁৱৰ গৰৈমাৰী আৰু নাৰামাৰী অঞ্চলত অভিযান চলাই তিনিজনকৈ তীৰ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়। দীর্ঘদিন ধৰি তীৰৰ বেহা চলাই অহা এই তিনিজন তীৰ মাফিয়াক আটক কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে হয়বৰগাঁও আৰক্ষীয়ে।

ওৰে নিশা চলোৱা অভিযানত গৰৈমাৰীৰ আব্দুৰ কাদিৰ, আব্দুৰ ৰহমান আৰু নাৰামাৰীৰ ছাদিকুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ দলটোৱে। অভিযানত আৰক্ষীৰ দলটোৱে নগদ ৩২ হাজাৰ টকা জব্দ কৰিবলৈও সক্ষম হয়। ধৃত তিনিজন তীৰ মাফিয়াক জেৰাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।