আজিজ আলী

মুকালমুৱা : মুকালমুৱাত বাহন চলোৱা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি। মুকালমুৱাৰ বৰতলাত পৰিবহন বিভাগৰ উদ্যোগত ৪৫ দিনীয়া বাহন চলোৱা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্যত প্ৰতিটো বিধনাসভা সমষ্টিত স্থাপন কৰা হৈছে বাহন চলোৱা প্ৰশিক্ষণ শিবিৰ। 

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ বৰতলাত দেওবাৰে নলবাৰী জিলা পৰিবহন বিভাগৰ উদ্যোগত ৪৫ দিনীয়া বাহন চলোৱা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে প্ৰতিটো বিধানসভা সমষ্টিতে পৰিবহন বিভাগৰ উদ্যোগত একোটাকৈ বাহন চলোৱাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে।

৪৫ দিন চলিবলগীয়া এই প্ৰশিক্ষণ কেন্দ্ৰটো অনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী জিলা পৰিবহন বিষয়া সীমান্ত বৰাই। অনুষ্ঠানটোত উপস্থিত থাকে দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধিৰ লগতে পৰিবহন বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰীসকল।

অসম চৰকাৰৰ পৰিবহন বিভাগৰ দ্বাৰা স্কিল ডেভলপমেণ্টৰ অধীনৰ এই প্ৰশিক্ষণ কেন্দ্ৰত ৫০ জনকৈ প্ৰশিক্ষাৰ্থীক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰশিক্ষণ কেন্দ্ৰত গাড়ী এখন চলোৱাৰ সকলো জ্ঞান প্ৰদান কৰা হ’ব।