নিউজ ডেস্ক, ২৫ এপ্ৰিল : গুজৰাট উচ্চ ন্যায়ালত ৰাহুল গান্ধীৰ আবেদন (Rahul Gandhi approached Gujarat High Court)। মোদী উপাধিৰ গোচৰৰ (Modi Surname Case) শাস্তি স্থগিত ৰখাৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। নিম্ন ন্যায়ালয়ৰ নিৰ্দেশক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। যোৱা ২০ এপ্ৰিলত মোদী উপাধিৰ গোচৰত ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱা ৰায়দানক স্থগিত ৰখাৰ আবেদন নাকচ কৰিছিল চুৰাট আদালতে।

গুজৰাটৰ চুৰট আদালতে ৰাহুল গান্ধীৰ মোদী উপাধিৰ গোচৰৰ শাস্তি স্থগিত ৰখাৰ আবেদন নাকচ কৰাৰ পিছত এইবাৰ কংগ্ৰেছ নেতা গৰাকী গুজৰাট উচ্চ ন্যায়ালয়ত (Gujarat High Court) শাস্তি স্থগিত ৰখাৰ বাবে আবেদন কৰিছে। উল্লেখ্য যে যোৱা ২৩ মাৰ্চত চুৰাট দণ্ডাধীশৰ আদালতে এক নিৰ্বাচনী সভাত মোদী উপাধিকলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হোৱা অপৰাধমূলক মানহানিৰ গোচৰত কংগ্ৰেছ নেতা গৰাকীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহিছিল। ইয়াৰ পিছত ৰাহুল গান্ধীক লোকসভাৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰি ৰাহুল গান্ধীৰ লোকসভাৰ সদস্য পদ (Lok Sabah MP) খাৰিজ কৰা হৈছিল।

মোদী উপাধিকলৈ ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ পিছত অৱশ্যে কংগ্ৰেছ নেতা গৰাকীয়ে জামিন লাভ কৰিছিল। ইয়াৰ পিছত ৰাহুল গান্ধীয়ে যোৱা ৩ এপ্ৰিলত চুৰাট আদালতত তেওঁৰ শাস্তিৰ আদেশক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল। কংগ্ৰেছ নেতা গৰাকীয়ে লগতে তেওঁৰ শাস্তি স্থগিত ৰখাৰ বাবে আবেদন দাখিল কৰিছিল। ৰাহুল গান্ধীৰ জামিন মঞ্জুৰ কৰা হৈছিল যদিও দোষী সাব্যস্ত হোৱা আদালত ৰায়দনা স্থগিত ৰখাৰ আৱেদন যোৱা ২০ এপ্ৰিলত নাকচ কৰা হৈছিল।

অতিৰিক্ত ন্যায়াধীশ আৰ পি মোগেৰাৰ আদালতে ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি নিম্ন আদালতৰ ৰায়দান বাহাল ৰাখিছিল। আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত আৰু শাস্তি প্ৰদানৰ ওপৰত স্থগিতাদেশ প্ৰদান কৰা হ’লে ৰাহুল গান্ধীয়ে লোকসভাৰ সদস্যপদ পুনৰ ঘূৰাই পালেহেঁতেন। শুনানিৰ সময়ত জ্যেষ্ঠ অধিবক্তা আৰ এছ চিমাই আদালতৰ সন্মুখত ৰাহুল গান্ধীৰ পক্ষ দাখিল কৰিছিল। ৰাহুল গান্ধীৰ অধিবক্তাই আদালতত যুক্তি দিছিল যে মোদীৰ উপাধিৰ ওপৰত ৰাহুল গান্ধীয়ে কৰা মন্তব্য সন্দৰ্ভত মানহানিৰ গোচৰটো ন্যায্য নহয়।

গোচৰটোত সৰ্বোচ্চ শাস্তিৰ প্ৰয়োজন নাছিল বুলিও ৰাহুল গান্ধীৰ অধিবক্তাই আদালতত যুক্তি দিছিল। জ্যেষ্ঠ অধিবক্তা আৰ এছ চিমাই কৈছিল যে ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ ৩৮৯ নং ধাৰাত আপীল নোহোৱালৈকে শাস্তি স্থগিত ৰখাৰ ব্যৱস্থা আছে। তেওঁ কৈছিল যে ক্ষমতা ব্যতিক্ৰম, কিন্তু আদালতে শাস্তিৰ পৰিণতিৰ কথা বিবেচনা কৰা উচিত। তেওঁ লগতে কৈছিল যে আদালতে বিবেচনা কৰিব লাগে যে দোষীজনৰ অপূৰণীয় ক্ষতি হ’ব নেকি। এনে শাস্তি পোৱাটো অন্যায়।