গুৱাহাটী, ২৬ এপ্ৰিল : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে শ্ৰীনিৱাস বি ভি। অংকিতা দত্তৰ এজাহাৰ (Ankita Dutta’s FIR) খাৰিজ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে শ্ৰীনিৱাস বি ভিয়ে। মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাস বি ভিৰ বিৰুদ্ধে অংকিতা দত্তই দিশপুৰ থানাত এজাহাৰ দাখিল কৰিছিল।

কংগ্ৰেছৰ পৰা বহিষ্কৃত (Expelled from Congress) অংকিতা দত্তৰ এজাহাৰ খাৰিজ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাস বি ভিয়ে। বুধবাৰে (২৬ এপ্ৰিল) যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাস বি ভিৰ আবেদনকলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপিঠে শুনানি গ্ৰহণ কৰিব। অংকিতা দত্তই দিশপুৰ থানাত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাস বি ভিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে অসম আৰক্ষী আৰু চি আই ডিয়ে (Assam police and CID) শ্ৰীনিৱাস বি ভিলৈ চমন জাৰি কৰিছিল।

অসম আৰক্ষীৰ এটা দলে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাস বি ভিৰ বাসগৃহলৈ উপস্থিত হৈ অহা ২ মে’ত আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ জাননি প্ৰদান কৰিছিল। চি আই ডিৰ ফালৰ পৰাও শ্ৰীনিৱাস বি ভিক চি আই ডি কাৰ্যালয়ত উপস্থিত হ’বলৈ চমন দিয়া হৈছিল যদিও শাৰীৰিক অসুস্থতাৰ কাৰণ দৰ্শাই যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাস বি ভি কইনাই ডি কাৰ্যালয়ত উপস্থিত হোৱা নাছিল। এতিয়া অংকিতা দত্তৰ গোচৰ খাৰিজ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে শ্ৰীনিৱাস বি ভি।

উল্লেখ্য যে কিছুদিন পূৰ্বে অংকিতা দত্তই এক টুইট কৰি অভিযোগ উত্থাপন কৰিছিল যে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বি ভিয়ে কংগ্ৰেছ নেত্ৰী গৰাকীক মানসিক নিৰ্যাতন চলাই আহিছে। অংকিতা দত্তৰ এই টুইট পিছতে কংগ্ৰেছৰ ভিতৰ মহলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। অংকিতা দত্তই এই সন্দৰ্ভত ন্যায় বিচাৰিছিল। কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছিল।

টুইটযোগে এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰাৰ পিছতে অংকিতা দত্ত মুকলিকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশৰ কৰিছিল যে কংগ্ৰেছ নেত্ৰী গৰাকী বিগত প্ৰায় ৬ মাহ ধৰি ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিৰ মানসিক নিৰ্যাতনৰ বলি হৈ আছে। অংকিতা দত্তই লগতে অভিযোগ উত্থাপন কৰিছিল যে এই সম্পৰ্কে দলৰ উচ্চ পৰ্যায়ৰ নেতাক অৱগত কৰাৰ পিছতো দলৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ’ল।

দলৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ বাবে অংকিতা দত্তই ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হোৱা বুলিও সাংবাদিক আগত মন্তব্য প্ৰকাশ কৰিছিল। অংকিতা দত্তই শ্ৰীনিৱাস বি ভিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ বিচাৰিছিল।

ইয়াৰ পিছতে অংকিতা দত্তক কংগ্ৰেছৰ দলৰ পৰা ৬ বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছিল। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অংকিতা দত্তক কংগ্ৰেছ দলৰ প্রাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছিল। কংগ্ৰেছৰ পৰা বহিষ্কাৰ হোৱাৰ পিছতে অংকিতা দত্তই বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছিল যদিও এই সন্দৰ্ভত অংকিতা দত্তই সাংবাদমেল অনুষ্ঠিত কৰি বিজেপিত যোগদান নকৰে বুলি মন্তব্য প্ৰকাশ কৰিছিল।