বাক্সা, সংবাদ ৩৬৫, ২ জুলাই : নিজকে স্বাৱলম্বী কৰি আনকো কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে ঋণ লৈ ফুলৰ খেতি কৰি এতিয়া বিপাঙত পৰিছে এজন যুৱক। বাক্সা জিলাৰ ২ নং বেটাগাঁৱৰ জিতুমনি দাসে খেতিকৰা ৰজনীগন্ধা ফুলৰ বিক্ৰীৰ বাবে নাই বজাৰ। নিজে হাতে কাটি পেলাব লগা হ’ল লক্ষাধিক টকাৰ ৰজনীগন্ধা ফুল।

বিশ্বব্যাপী কৰ’ণা ভাইৰাছৰ প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বৰ অৰ্থনীতিৰ ওপৰত। মহামাৰীৰ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মানৱ জাতিয়ে নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰিবলৈ বাধ্য হৈছে। দোকান-বজাৰ বন্ধ, ৰাজপথ জনশূন্য, ফলত কি উদ্যোগপতি, কি ব্যৱসায়ী, কি খেতিয়ক সকলোৰে আৰ্থিক অৱস্থা হৈ পৰিছে শোচনীয়। বিক্ৰীৰ বাবে বজাৰ নোহোৱা হৈ পৰাত ৰাজ্যৰ ফুল খেতিয়ক সকল সন্মুখীন হ’ব লগীয়া হৈছে বৃহৎ লোকচানৰ। লক ডাউনৰ ফলত বজাৰ নোহোৱাৰ ফলত ৰজনীগন্ধা ফুলত খেতি কৰি বিপাঙত পৰিছে বাক্সা জিলাৰ এগৰাকী শিক্ষিত ফুল খেতিয়ক। জিলাখনৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং বেটাগাঁৱৰ জিতুমনি দাস নামৰ শিক্ষিত যুৱক গৰাকীয়ে ৫ টকা সুতত ঋণ লৈ এবিঘা মাটিত কৰিছিল ৰজনীগন্ধা ফুলৰ খেতি। জিতুমনিৰ পথৰত ৰজনীগন্ধা ফুল ফুলিল কিন্তু কৰ’ণা ভাইৰাছ মহামাৰীৰ বাবে লক ডাউন ঘোষণা কথাত ফুল বিক্ৰীৰ বজাৰ নোহোৱা হোৱাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে জিতুমনি। ইতিমধ্যে লক্ষাধিক টকাৰ ৰজনীগন্ধা ফুল পথাৰতে নষ্ট হৈছে। যোৱা মাৰ্চ মাহৰ পৰা কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা কেইবাটাও পৰ্যায়ৰ লক ডাউনত কঁকাল ভাঙি যোৱা জিতুমনিয়ে লক ডাউন শিথিল হোৱাত গুৱাহাটীৰ ফাঁচী বজাৰত কিছু পৰিমাণৰ ফুল বিক্ৰী কৰিবলৈ সক্ষম হৈছিল যদিও গুৱাহাটীত পুনৰ যোৱা দেওবাৰৰ পৰা ১৪ দিনৰ বাবে ৰাজ্য চৰকাৰে লক ডাউন ঘোষণা কৰাত পথাৰতে নষ্ট হ’বলৈ ধৰিছে জিতুমনিৰ ৰাজনীগন্ধা ফুল সমূহ।

ইফালে বাক্সাৰ তামুলপুৰ মহকুমা কৃষি বিষয়াই জিতুমনিক ৰজনীগন্ধা ফুল সমূহ বিক্ৰী কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছে যদিও প্ৰতিদিনে ফুল সমূহ পথাৰতে নষ্ট হ’বলৈ ধৰাত পুনৰ বৃহৎ লোকচানৰ সন্মুখীন হ’ব লাগিব জিতুমনি। সেইহে জিতুমনিয়ে ৰজনীগোন্ধৰ ফুলসমূহ শীঘ্ৰে বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষি বিভাগক আহ্বান জনাইছে।