হাটশিঙিমাৰী : নতুন পেঞ্চন নীতিৰ বিৰোধিতাৰে ক’লা দিৱস পালন। নতুন পেঞ্চন নীতি বাতিলৰ দাবীত হাটশিঙিমাৰীত চৰকাৰী এনপিএছ কৰ্মচাৰীৰ ক’লা দিৱস পালন। হাতে হাতে প্লেকাৰ্ড লৈ হাটশিঙিমাৰী মহাবিদ্যালয় আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ এনপিএছ কৰ্মচাৰী সকলৰ।

২০০৫ চনৰ ১ জানুৱাৰীত দেশত পুৰণি পেঞ্চন নীতি বাতিল কৰি নতুন পেঞ্চন নীতি ৰূপায়ন কৰাত নতুন পেঞ্চন নীতিৰ আধাৰত নিয়োজিত হোৱা চৰকাৰী কৰ্মচাৰী সকলে বিভিন্ন অসুবিধাৰ সম্মুখীন হৈ আহিছে। দেশত নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয় আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত চৰকাৰী এনপিএছ কৰ্মচাৰী সকলে ক’লা দিৱস পালন কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

সদৌ অসম এনপিএছ কৰ্মচাৰী সন্থাৰ আহ্বানত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ এনপিএছ কৰ্মচাৰী সন্থাই হাটশিঙিমাৰী মহাবিদ্যালয়ত ক’লা দিৱস পালন কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে প্লেকাৰ্ড লৈ শতাধিক চৰকাৰী কৰ্মচাৰী সকলে পুৰণি পেঞ্চন নীতি বাহাল ৰাখি নতুন পেঞ্চন নীতি বাতিলৰ দাবী জনায়। দুপৰীয়া ১২ বজাৰ পৰা ১ বজালৈ কৰ্ম বিৰতি পালন কৰি চৰকাৰী কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে একে সময়তে হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত চৰকাৰী এনপিএছ কৰ্মচাৰী সকলেও হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি ক’লা দিৱস পালন কৰে। প্ৰতিবাদকাৰী কৰ্মচাৰী সকলে অতি শীঘ্ৰে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী জনায়।