বৰপেটা, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খানে তেওঁৰ কার্যকালত সংঘটিত কৰা পৰ্বতসম দুৰ্নীতিৰ তদন্তৰ দাবীত আজি কলগাছিয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্থ কৰে।

বৰপেটা জিলা পৰিষদৰ সভাপতি থকাৰ সময়ত বিভিন্ন আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ। প্ৰতিবাদকাৰীয়ে মজিবৰ ৰহমান খানৰ প্ৰতিকৃতিও দাহ কৰে।

মজিবৰ ৰহমান খানে তেওঁৰ কার্যকালত বিভিন্ন ঈদগাহৰ লগতে, কলগাছিয়া বজাৰত থকা ষ্ট্ৰিট লাইট, ডিমাপুৰৰ এখন কালভাৰ্ট, বিভিন্ন বজাৰত নিৰ্মান কৰা মাৰ্কেটশ্বেদৰ লগতে বিভিন্ন আচঁনিত দুৰ্নীতি সংঘটিত কৰি পত্নী, খুলশালীৰ নামত ধন সম্পত্তি গঢ়াৰ অভিযোগ কৰিছে ছাত্ৰ মুক্তিয়ে।

প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খানৰ দুৰ্নীতিৰ তদন্তৰ বাবে যেতিয়া নতুনকৈ গঠন হোৱা জিলা পৰিষদ সমিতিয়ে তদন্ত কমিটি গঠন কৰে তেতিয়াই তেওঁ বিজেপি দলত যোগদান কৰিছে বুলি অভিযোগ প্ৰতিবাদ কাৰীৰ।

সম্প্ৰতি মজিবৰ ৰহমান খান জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপি দলৰ টিকট প্ৰত্যাশী। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দুৰ্নীতিগ্রস্থ প্ৰাক্তন সভাপতি গৰাকীক প্ৰত্যাখ্যান কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে তদন্ত মৰ্মে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।