গুৱাহাটী, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : পুনৰ চলন্ত বাছত নিৰ্যাতনৰ বলি হ’ল এগৰাকী ছাত্ৰী । নিৰ্যাতন চলালে এজন শিক্ষকে। সমগ্ৰ শিক্ষক সমাজকে লজ্জানত কৰিলে উত্তৰ গুৱাহাটী ফেকাল্টিৰ শিক্ষকগৰাকীয়ে।

ইফালে বাছৰ যাত্ৰীয়ে মোবাইলত বন্দী কৰিলে শিক্ষকগৰাকীৰ কু কৰ্মৰ সকলো দৃশ্য। ছাত্ৰী গৰাকীয়ে অধ্যয়ন কৰি আছিল গুৱাহাটী বিশ্ববিদ্যালয়ত । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীকে শ্লীলতা হানিৰ চেষ্টা চলাইছিল শিক্ষক যুগল বৰাই।

উল্লেখযোগ্য যে মংগলদৈৰ নিজগৃহৰ পৰা বিশ্ববিদ্যালয়লৈ বাছত আহি আছিল ছাত্ৰীগৰাকী। আহি থকা অৱস্থাতে লম্পট শিক্ষকগৰাকীয়ে শ্লীলতা হানি কৰে ছাত্ৰীগৰাকীক।

অভিযুক্ত যুগল চন্দ্ৰ বৰা নামৰ শিক্ষকগৰাকী গুৱাহাটীৰ নাৰেংগীৰ বুলি জানিব পৰা গৈছে। সম্প্ৰতি যুগল বৰাক জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া।