গুৱাহাটী : কিছুদিন পূৰ্বে এক সাম্প্ৰদায়িক মন্তব্য কৰা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ (Badruddin Ajmal) বিৰুদ্ধে গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া চলাবলৈ আৰক্ষীক নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। বুধবাৰে বিশেষ ন্যায়িক দণ্ডাধীশ প্ৰাণজিত হাজৰিকাৰ আদালতে অসম জাতীয় পৰিষদৰ এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৱাহাটীৰ হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশনা প্ৰদান কৰে।

অসম জাতীয় পৰিষদৰ হৈ আদালতৰ দ্বাৰস্থ হৈছিল দলৰ উপ সভাপতি দুলু আহমেদ। উল্লেখযোগ্য যে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে যোৱা ২ ডিচেম্বৰৰ দিনা কৰিমগঞ্জত এক সাম্প্ৰদায়িক তথা ধৰ্মীয় বিবাদ সৃষ্টিকাৰী বক্তব্য প্ৰদান কৰি দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। ৰাজ্যৰ ভিতৰত তথা বাহিৰত উক্ত বক্তব্যৰ বাবে নিন্দাৰ সন্মুখীন হৈছিল বদৰুদ্দিন আজমল। অসম জাতীয় পৰিষদে বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি ৰাজ্যৰ বিভিন্ন থানাত মুঠ ১৪ খন এজাহাৰ দাখিল কৰিছিল।

অন্যান্য দল-সংগঠনেও বদৰুদ্দিন আজমলৰ গ্ৰেপ্তাৰৰ দাবী তুলিছিল। কিন্তু অসম আৰক্ষীয়ে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কোনো ধৰণৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা নকৰাত অসম জাতীয় পৰিষদ কাষ চাপে ন্যায়ালয়ৰ। দলৰ হৈ উপ সভাপতি দুলু আহমেদে যোৱা ৯ ডিচেম্বৰৰ দিনা ভাৰতীয় দণ্ড সংহিতা (চি আৰ পি চি)ৰ ১৫৬(৩) ধাৰাৰ অধীনত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে গোচৰ ৰুজো কৰে।

বুধবাৰে আদালতে গোচৰটোৰ শুনানি লৈ গোচৰটো বিচাৰৰ বাবে গ্ৰহণ কৰে আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশ দিয়ে। উল্লেখ্য যে কৰিমগঞ্জত ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে প্ৰদান কৰা সাম্প্ৰদায়িক মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল। বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে বিজেপিৰ ফালৰ পৰাও এজাহাৰ দাখিল কৰা হৈছিল।