গুৱাহাটী : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ (War Against Drugs) আন এক সাফল্য। এখন এম্বুলেন্সৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ১৪ কোটি টকা মূল্যৰ ড্ৰাগছ। আৰক্ষীৰ তালাচীত এম্বুলেন্সখনৰ পৰা জব্দ হে’ৰইন আৰু নিচাযুক্ত য়াবা টেবলেট। এম্বুলেন্সখনৰ চালক গ্ৰেপ্তাৰ।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।

মহানগৰীৰ যোৰাবাটত এখন এম্বুলেন্সৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। এম্বুলেন্সখনৰ পৰা আৰক্ষীয়ে ২০০ গ্ৰাম হে’ৰইন আৰু ৫০ হাজাৰ নিচাযুক্ত য়াবা টেবলেট জব্দ কৰে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে যোৰাবাটত এম্বুলেন্সখনত তালাচী চলাই এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। জব্দ ড্ৰাগছখিনিৰ বজাৰ মূল্য ১৪ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

মহানগৰৰ যুটীয়া আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে যোৰাবাটত অভিযান চলাই অতি কৌশলেৰে এম্বুলেন্সখনত লুকুৱাই অনা হে’ৰইন আৰু য়াবা টেবলেটখিনি জব্দ কৰে। জানিব পৰা মতে ড্ৰাগছখিনি মণিপুৰৰ পৰা অনা হৈছিল। আৰক্ষীয়ে এম্বুলেন্সখনৰ চালক মিৰাতুল ইছলামক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

আনফালে কৰিমগঞ্জ আৰক্ষীয়ে আন এক ড্ৰাগছ বিৰোধী অভিযান চলাই ২০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। মিজোৰামৰ পৰা ত্ৰিপুৰা হৈ অসমলৈ অনা হৈছিল ড্ৰাগছখিনি। এখন বাহনত তালাচী চলাই আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰে। বাহনখনৰ চালক আৰু সহযোগীক আৰক্ষীয়ে আটক কৰি জেৰা চলাই আছে।