গোৱালপাৰা : ৰাজপথত বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ (Man-Elephant Conflict)। বনৰীয়া হাতীৰ জাকে আক্ৰমণ চলালে কেইবাখনো বাহনৰ ওপৰত। দুখনকৈ বাহন ভাঙি লণ্ডভণ্ড কৰিলে বনৰীয়া হাতীৰ জাকে। তিনিজনকৈ লোক নিহত বনৰীয়া হাতীৰ আক্ৰমণত।

ৰাজ্যত ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। ৰাজ্যৰ কেইবাখনো জিলাত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। খাদ্যৰ সন্ধানত বানাঞ্চল পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰা প্ৰায়ে দেখিবলৈ পোৱা যায়।

বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰা জিলা সমূহৰ ভিতৰত অন্যতম হৈছে নামনি অসমৰ গোৱালপাৰা জিলা। জিলাখনৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চল সমূহত বিগত কিছুবছৰ ধৰি বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ ফলত কেইবাজনো লোক নিহত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে কেইবাটাও বনৰীয়া হাতী।

এইবাৰ বানাঞ্চলৰ পৰা ৰাজপথলৈ ওলাই আহি বনৰীয়া হাতীৰ জাকে উপদ্ৰব চলালে। বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ লাক্ষীপুৰত ৰাজপথৰ ওপৰত চলিল বনৰীয়া হাতীৰ তাণ্ডৱ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ বৃহৎ জাকে লক্ষীপুৰৰ ১২ নং ৰাজ্যিক ঘাইপথৰ দিন দুপৰতে সন্ত্ৰাসৰ সৃষ্টি কৰি কেইবাটাও বাহনত আক্ৰমণ কৰে। বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাস্থলী বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ আহত লোক সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আনহাতে বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত নিহত হোৱা লোক তিনিজনৰ মাজত এগৰাকী কণমানি থকা বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে লাক্ষীপুৰ অঞ্চলবাসী ৰাইজ দীর্ঘদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ সন্ত্ৰাস ৰোধ কৰাৰ বাবে বন বিভাগকক দাবী জনাই আহিছে।