গুৱাহাটী : ১৯ জানুৱাৰীত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কলা-কুশলী, কৰ্মচাৰী আৰু কেইবাগৰাকি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত চলচ্চিত্ৰ নিৰ্মাতা জাভেদ কাইছাৰৰ ‘গেংছ অফ এ ফেমিলি’ৰ মুহূৰত অনুষ্ঠিত হয়। জাভেদ কাইছাৰৰ দ্বাৰা লিখিত আৰু পৰিচালিত ‘গেংছ অফ এ ফেমিলি’ চলচ্চিত্ৰখন ১৯৯০ ৰ দশকৰ আগৰকাঠ সুগন্ধিৰ এজন অবৈধ ৰপ্তানিকৰ্তা আৰু তেওঁৰ মৃত্যুৰ পিছত সম্পত্তিৰ বিবাদৰ ওপৰত আধাৰিত। মুস্তাবা আলী আৰু জাভেদ কাইছাৰৰ দ্বাৰা প্ৰযোজিত ছবিখন বয়হুড এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ কৰা হৈছে।

অভিনেতাসকলৰ ভিতৰত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে পদ্মৰাগ গোস্বামী, ৰাজীৱ ক্ৰো, মনোজ গগৈ, জয়শ্ৰী চক্ৰৱৰ্তী, ৰাজকুমাৰ ঠাকুৰ, দীপাংকৰ গায়ন, শ্বৰীফ মিৰ্জা, দুৰ্গাশ্ৰী বৰা আৰু প্ৰণামী বৰাই। চলচ্চিত্ৰখনৰ বিষয়ত বক্তব্য ৰাখি কাৰ্যবাহী প্ৰযোজক আৰু কাষ্টিং পৰিচালক নাং এন গগৈয়ে কয়, “চলচ্চিত্ৰখনত অবৈধ আগৰ কাঠৰ সুগন্ধি ব্যৱসায়ত জড়িত এটা পৰিয়ালৰ এক অতি আকৰ্ষণীয় কাহিনী দৰ্শোৱা হৈছে, আৰু পৰিয়ালৰ মুৰব্বীৰ মৃত্যুৰ পিছত তেওঁলোকে কেনেদৰে তেওঁলোকৰ কাম পৰিচালনা কৰে তাকেই প্ৰদৰ্শন কৰে।

চলচ্চিত্ৰখনৰ কলাকুশলী আৰু কৰ্মচাৰী সকলৰ বাবে এখন কৰ্মশালা চলি আছে আৰু মই তেওঁলোকৰ উৎসাহ দেখি অতি আনন্দিত। চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ ২৫ জানুৱাৰীত আৰম্ভ হ’ব, আৰু আমি ইয়াক ৩০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিম। “উল্লেখনীয় যে ‘বব বিশ্বাস’ খ্যাত প্ৰখ্যাত অভিনেতা পবিত্ৰ ৰাভাই ছবিখনৰ কলাকুশলী আৰু কৰ্মচাৰীৰ সৈতে এখন কৰ্মশালা পৰিচালনা কৰি আছে।” চিলচ্চিত্ৰখন ১৯৯০ ৰ দশকৰ অসমত আধাৰিত, যেতিয়া আগৰ কাঠৰ ব্যৱসায়ৰ ওপৰত নিষেধাজ্ঞা আছিল। ‘গেংছ অফ এ ফেমিলি’য়ে এজন ব্যৱসায়ীৰ কাহিনী কয় যি অবৈধ আগৰ কাঠৰ ব্যৱসায়ত জড়িত আছিল।

এইখন এখন সম্পূর্ণ মনোৰঞ্জক চলচ্চিত্ৰ হ’ব আৰু মই এই কাহিনী আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ পাই অতি উৎসাহিত,” লেখক-পৰিচালক জাভেদ কাইছাৰে কয়। ‘গেংছ অফ এ ফেমিলি’ হৈছে ২৬ বছৰীয়া কাইছাৰৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ ডায়ৰেক্টৰ অৱ ফটোগ্ৰাফীৰ পদত থাকিব প্ৰসিদ্ধ চিত্ৰগ্ৰহণকাৰী নাহিদ আহমেদ আৰু ছবিখনৰ সংগীত পৰিচালনা কৰিছে কে’চী আৰু প্ৰবীণ কলিতাই। অন্যান্য ক্ৰু সদস্য সকলৰ ভিতৰত আছে মেক-আপ শিল্পী বিশ্বজিৎ কলিতা, ভিএফএক্সত প্ৰকাশ মেহতা, সম্পাদক আৰু ডিআইত ডেভিড নাদৰ, একশ্যন পৰিচালক প্ৰদীপ ভবেশ এটিচি, মুখ্য সহকাৰী পৰিচালক সমৰ জ্যোতি চৰকাৰ।

সহকাৰী পৰিচালক ফাৰজিন বালুচ আৰু ধ্ৰুবজ্যোতি তালুকদাৰ, প্ৰযোজনা প্ৰৱন্ধক মনোজ কুমাৰ নাথ, কলা পৰিচালক প্ৰমোদ দাস, জাভেদ কাইছাৰ আৰু নীল বৰ্মনৰ সংলাপ, মূল থীম আৰু বেকগ্ৰাউন্ড স্কোৰ বিবেক শৰ্মাৰ। ১৯ জানুৱাৰীত চলচ্চিত্ৰখনৰ মুহূৰতৰ লগতে কলাকুশলী, কৰ্মচাৰী আৰু আমন্ত্ৰণ জনোৱা বিশিষ্ট ব্যক্তিসকলৰ সন্মুখত ‘গেংছ অফ এ ফেমিলি’ৰ পোষ্টাৰও উন্মোচন কৰা হয়।ছবিখনৰ দৃশ্যগ্ৰহণ গুৱাহাটী, মিৰ্জা, মঙ্গলদৈ আৰু কুকুৰমাৰাৰ আশে-পাশে বিভিন্ন স্থানত কৰা হ’ব।