জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথৰ এখন পকী দলং বিপদ নমাই আনিছে বহু লোকৰ জীৱনলৈ। নিৰ্মান কৰা মাত্ৰ পাঁচ বছৰ নহওতেই ধ্বংসৰ দিশে কোটি টকীয়া পকী দলংখন। লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰে চৰকাৰী ধনৰ সঠিক ব্যৱহাৰ নকৰাৰ কৰুণ পৰিণাম ভূগিব লগা হৈছে বিশ্বনাথৰ হাজাৰ হাজাৰ লোকে। সামান্য বাঢ়নী পানীতে বিশ্বনাথৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পকী দলংখন সম্প্ৰতি ধ্বংসৰ গৰাহত।

বিশ্বনাথৰ এখন পকী দলং যি কোনো মূহুৰ্ততে ভয়ংকৰ বিপদ নমাই আনিব পাৰে। বিশ্বনাথৰ ঘিলাধাৰী নৈৰ ওপৰত থকা চতিয়া, বৰপাম আৰু মাজুলিগড় চাহ বাগিচাৰ এক মাত্ৰ সংযোগী দলংখনৰ মাজৰ খুঁ‌টা এটা বাঢ়নী পানীৰ বাবে সম্পূৰ্ণৰূপে তল লৈ বহি গৈছে। ফলত যাতায়ত কৰা অংশটোও ক্ৰমাৎ তললৈ নামি পৰিছে। দলংখনৰ মাজভাগ সম্পূৰ্ণ বহি যোৱাৰ পিছতো দলংখনৰ ওপৰেদি গাড়ী মটৰ চাইকেল, স্থনীয় লোক আৰু ছাত্ৰ-ছাত্ৰী সকলে যাতায়াত অব্যাহত ৰাখিছে। যিকোনো মূহুৰ্ততে অশুভ বাৰ্তা কঢ়িয়াব পাৰে দলংখনে।

ইফালে দলংখনৰ এই বিসংগতি সন্দৰ্ভত স্থানীয় আটছাই লোক নিৰ্মাণ বিভাগক অবগত কৰিছিল যদিও বিভাগটোৱে এই ক্ষেত্ৰত কোনো ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে আটছাই। মঙলবাৰে নিশা আটছাই উক্ত দলংখনৰ ওপৰেদি ৰাইজে বিপদ সংকুলভাৱে যাতায়ত কৰাৰ ফটো ছচিয়েল মিডিয়াত আপলোধ কৰাত ভাইৰেল হৈ পৰিছে ফটোখন। ইয়াৰ পিছতে লোক নিৰ্মাণ বিভাগৰ লোক আহি দলংখনৰ ওপৰেদি যাতায়ত বন্ধ কৰে।

এতিয়া উক্ত অঞ্চলৰ লোক অথবা ছাত্ৰ-ছাত্ৰী সকলৰ চতিয়া, বৰপাম আৰু মাজুলিগড় চাহ বাগিছাৰে যোগাযোগ বিচিন্ন হ’ব ধৰিছে। আনহাতে কেইবা কোটি টকা ব্যয় সাপেক্ষে মাত্ৰ পাঁচ বছৰ মান পূৰ্বে নিৰ্মাণ কৰা এই পকী দলংখন সামান্য বাঢ়নী পানীত কেনেকৈ মাজভাগ বহি গ’ল, দলংখন নিৰ্মাণ কাৰ্য অতি নিম্ন মানদণ্ডৰ কৰাৰ বাবে এই পকী দলংখন আজি এনে পৰ্যায় পাইছে বুলি অভিযোগত উত্থাপন কৰি আটছাই দলং নিৰ্মাণ কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ।দাবী জনাইছে।