জাগীৰোড, ২২ নৱেম্বৰ: ৰাজ্যত এতিয়া আই এচ এলৰ উন্মাদনা৷ পিছ পৰি ৰোৱা নাই ফুটবল প্রতিযােগিতা চি আৰ পি এফৰ বেটেলিয়ানো৷ স্কুলীয়া ছাত্ৰৰ মাজত অনুষ্ঠিত কৰিলে এখন প্ৰীতি ফুটবল প্ৰতিযোগীতা৷ বুধবাৰে চি আৰ পি এফৰ ১২৮ নং বেটেলিয়ানে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰিলে নাগৰিক সমন্বয় কাৰ্যসূচী ২০১৭৷ উক্ত কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ফুটবলৰ জনপ্রিয়তা বৃদ্ধি কৰাৰ লগতে শাৰিৰীক আৰু মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰিলে এখন প্ৰীতি ফুটবল প্ৰতিযোগীতা৷ জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰৰে গঠিত ক আৰু খ ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয় এই তীব্র প্রতিদন্দিতামূলক ফুটবল খেলখন৷ কম নহয় কোনােটাে দলৰ দুভৰিৰ যাদুৰ প্ৰদৰ্শন৷ অৱশেষত খ ফুটবল একাদশে ক ফুটবল এক একাদশক  ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে৷ তীব্ৰ উত্তেজনামূলক খেলখন উপভোগ কৰি বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীৰ লগতে  শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকল হল বাৰুকৈয়ে আপ্লুত৷ অংশগ্রহন কৰা দুয়ােটি দলৰ প্ৰতিজন খেলুৱৈৰ মাজত খেলৰ প্ৰতি উৎসাহ জগাই মেডেল, খেলৰ সামগ্ৰী বিতৰন কৰাৰ লগতে দুয়ােটি দলকে প্রদান কৰিলে এটাকৈ ট্ৰফী। মূলতঃ চি আৰ পি এফ আৰু জনসাধাৰনৰ মাজত সদ্ভাৱ আৰু একতা গঢ়ি শান্তি- সম্প্ৰীতি বজাই ৰখাৰ উদ্দেশ্যেৰে এই পদক্ষেপ গ্ৰহন কৰিলে চি আৰ পি এফৰ ১২৮ নং বেটেলিয়ানে৷