গুৱাহাটী, ২২ নৱেম্বৰ: ৰক্তদান সম্পৰ্কীয় সজাগতা সম্প্ৰসাৰণত জড়িত স্বেচ্ছাসেৱী গোট ‘হিউমেনিটি’য়ে ২৩ নৱেম্বৰত দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব৷ গুৱাহাটীৰ জু – ৰোড তিনিআলিৰ বৃন্দাবন গাৰ্ডেনত স্বেচ্ছাসেৱী ৰক্তদান শিবিৰ, সজাগতামূলক সভাৰ লগতে অন্য বিভিন্ন কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব৷ জু – নাৰেংগী তিনিআলি ব্যৱসায়ী সন্থাৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ বাবে ইতিমধ্যে সমাজকৰ্মী দ্বীজেন ভট্টাচাৰ্যক সভাপতি আৰু অনুপম শৰ্মাক সম্পাদক হিচাপে লৈ উদযাপন সমিতিখন গঠন কৰা হৈছে৷ সমাজকৰ্মী দ্বীজেন ভট্টাচাৰ্যই হিউমেনিটি সন্দৰ্ভত কয় যে ২০১৫ চনত গোলাঘাটৰ জ্যেষ্ঠ সংবাদকৰ্মী, সমাজসেৱক হেমন্ত মহন্তৰ পৃষ্ঠপোষকতাত ফে’চবুকৰ বন্ধুবৰ্গৰে মিলি হিউমেনিটি গোট গঠন কৰিছিল৷ প্ৰতিষ্ঠাৰ দিনৰে পৰা ৰক্তদানৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছে গোটটোৱে৷ সক্ৰিয় কৰ্মীৰ ১০০ জনীয়া যুৱক-যুৱতীৰ দল হিউমেনিটিৰ উদ্যোগত বিগত সময়ছোৱাৰ প্ৰথম বৰ্ষতে গড়ে দৈনিক ৩ জনকৈ ৰক্তদাতা সদস্যই বিভিন্ন স্থানৰ চিকিৎসালয়ত চিকিৎসাধীন ৰোগীক ৰক্তদান কৰি আহিছে৷ আনহাতে চলিত বৰ্ষত বৰ্তমানলৈকে গড়ে দৈনিক ৭ জনকৈ ৰক্তদাতাই অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত চিকিৎসাধীন ৰোগীক ৰক্তদান কৰিছে৷