জুৰীয়া : ১ লাখ ২৬ হাজাৰ পুৰণি পাঁচশ আৰু এহাজাৰ টকীয়া নোটৰ লগতে ১৬ গ্ৰাম ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী। নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই পুৰণি পাঁচশ আৰু এহাজাৰ টকীয়া নোটৰ লগতে ব্ৰাউন ছুগাৰসহ দুজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 

ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনে ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী। বিশেষকৈ নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত লাভ কৰিছে এটাৰ পিছত আনটো বৃহৎ সাফল্য। পুনৰবাৰ নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিছে এক বৃহৎ সাফল্য।

এক গোপন খবৰৰ ভিত্তিত নগাঁও আৰু জুৰীয়া আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই দুজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে জব্দ কৰিছে ১ লাখ ২৬ হাজাৰ পুৰণি পাঁচশ আৰু এহাজাৰ টকীয়া নোটৰ লগতে ১৬ গ্ৰাম ব্ৰাউন ছুগাৰ।

নগাঁও আৰক্ষী আৰু জুৰীয়া আৰক্ষীয়ে জুৰীয়াৰ অন্তৰ্গত দীঘলীআটি গাঁৱত যৌথভাৱে অভিযান চলাই ছবিকুল ইছলাম আৰু হবিবুৰ ৰহমান নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন দীর্ঘদিন ধৰি ড্ৰাগছৰ বেহাৰ লগত জড়িত আছিল। আৰক্ষীয়ে দুয়োকে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।