কোকৰাঝাৰ, ২৪ জুলাইঃ কোকৰাঝাৰত ডাইনীৰ সন্দেহত জনতাৰ কৱলৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে এজন নিৰিহ লোকৰ। প্ৰাপ্ত তথ্য অনুসৰি কোকোৰাঝাৰৰ বিষ্মুৰী আৰক্ষী চকীৰ অন্তৰ্গত ডেকাদামৰা গাঁৱৰ নিবাসী ৰবিৰাম নাৰ্জাৰীক (৫২)ক গাঁৱৰ ৰাইজে ১৮ জুলাইত নিৰ্মম ভাৱে আক্ৰমণ কৰে৷ বিষ্মুৰীৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত এখন মিটিঙৰ আয়োজন কৰি ডাইনা সন্দেহত ৰবিৰাম নাৰ্জাৰীক মাৰধৰ কৰে৷ খেতি কৰি পৰিয়াল পোহপাল দিয়া ৰবিৰামক পৰিয়ালৰ লোকে কথমপি ৰক্ষা কৰি কোকৰাঝাৰৰ আৰএনবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। বৰ্তমান চিকিৎসাধীন ৰবিৰামৰ পৰিয়ালে সুস্থ হৈ উঠাৰ পিছতো পুনৰ আক্ৰমণৰ বলি হোৱাৰ ভয়ত নিৰাপত্তাহীন ভূগিছে। উল্লেখ্য যে, ভূক্তভোগী ৰবিৰাম নাৰ্জাৰীৰ পত্নী, দুজন পুত্ৰ, এজনী কন্যা আৰু বোৱাৰীৰ সৈতে এখন সুখৰ সংসাৰ আছে। কোনো পূজা, ওজা- বেজৰ কথা নজনা আৰু খেতি কৰি ঘৰ পৰিয়ালৰ নেতৃত্বত দি অহা ৰবিৰামক হঠাতে গাঁৱৰ ৰাইজে মিটিঙৰ আয়োজন কৰি আক্ৰমণ কৰা কাৰ্যই পৰিয়ালটোক ভীতিগ্ৰস্ত কৰি তুলিছে৷ ৰবিৰাম নাৰ্জাৰীয়ে ঘটনাৰ সংক্ৰান্তত কোকৰাঝাৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে৷ ৰবিৰামৰ পৰিয়ালে প্ৰশাসনক সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে পৰিয়ালটোৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাইছে৷