বৰহাট, ২৪ জুলাইঃ অবিভক্ত শিৱসাগৰ জিলাৰ সাতখন সংৰক্ষিত বনাঞ্চল বৰ্তমান ধ্বংসৰ গৰাহত৷  শিৱসাগৰৰ নাজিৰা মহকুমাস্থিত গেলেকী সংৰক্ষিত বনাঞ্চল, শিৱসাগৰ মহকুমাৰ পানী দিহিং সংৰক্ষিত বনাঞ্চল,  চৰাইদেউস্থিত দিল্লী সংৰক্ষিত বনাঞ্চল, অভয়পুৰ সংৰক্ষিত বনাঞ্চল, দিৰৈ-ৰাঙলী সংৰক্ষিত বনাঞ্চল, সাপেখাতি সংৰক্ষিত বনাঞ্চল আৰু চলা সংৰক্ষিত বনাঞ্চলৰ অধিকাংশ অবৈধ বে-দখলৰকাৰীৰ কৱলত৷ তথ্য অনুসৰি, বৃহৎ দিল্লী সংৰক্ষিত বনাঞ্চলৰ পূৰ্বৰ মুঠ ৫,৫০৮ হেক্টৰৰ মাটিকালিৰ ৩,১০৮ হেক্টৰ সংৰক্ষিত বনাঞ্চল আৰু ২,৪০০ হেক্টৰ আনক্লাছ ফৰেষ্টৰ৷ এই সংৰক্ষিত বনাঞ্চলৰ ভূমিত অৰুণাচলী লোকে অবৈধভাৱে প্ৰবেশ কৰি হাচিৰোচা, কামুক, টাংলা, অচিম নামেৰে নামাকৰণ কৰি অসমৰ মাটিত চাহ-বাগান প্ৰমূখ্যে পাণ খেতি কৰাৰ লগতে বিদ্যালয় আৰু গাওঁ পাতি বেদখল কৰিছে৷ দিল্লী সংৰক্ষিত বনাঞ্চল খনৰ সঠিক তথ্য বৰ্তমান শুদ্ধ ৰূপত পোৱা নাযায়। সম্প্ৰতি অবৈধ চোৰাং ব্যৱসায়ীয়ে বহু মূল্যৱান গছ-গছনি কাটি, আপুৰুগীয়া পশু-পক্ষী নিধন কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে৷ চৰাইদেউৰ পাঁচখন সংৰক্ষিত বনাঞ্চলৰ সংৰক্ষণৰ ব্যৱস্থা নকৰিলে অচিৰেই ধ্বংস হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে৷ দিল্লী সংৰক্ষিত বনাঞ্চলত বনবিভাগৰ সন্মুখতেই দুস্কৃতিকাৰীয়ে দৈনিক বহু মূল্যবান প্ৰকাণ্ড গছ-গছনি কাটি তহিলং কৰাৰ পিছতো বিভাগটোৰ নিষ্কিয় ভূমিকাত ক্ষোদ্ধ হৈ পৰিছে সচেতন মহল। বহু আপুৰুগীয়া পশু-পক্ষীও নিধন হৈছে। অসম-অৰুণাচলৰ সীমান্তৱৰ্তী ৰাংলুৱাত নিচেই সমীপতে অৱস্থিত কাঠৰ মিল দুটালৈ দৈনিক অসমৰ দিল্লী সংৰক্ষিত বনাঞ্চলৰপৰা অবাধ গতিত প্ৰকাণ্ড কাঠৰ কোণ্ডা সৰবৰাহ কৰা হয়৷ বিশেষকৈ দৈনিক নিশা ১২-১৩ টা হাতীৰে হাবিৰ মাজৰ পৰা গছৰ কোণ্ডাসমূহ টানি নিয়া হয়৷ জানিব পৰা মতে, বনবিভাগৰে কাঠৰ মিলৰ স্বত্বাধিকাৰীৰ গোপন বুজাবুজি আছে। যোৱা ২১ জুলাইৰ নিশা বৰহাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ তথা চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত লাকিলী গাৱঁত উদ্ধাৰ হোৱা দুটাকৈ প্ৰকাণ্ড শলং কুণ্ডাই বনবিভাগৰে চোৰাং ব্যৱসায়ী গোপন সম্পৰ্কৰ কথাকে প্ৰমাণিত কৰে৷  দিল্লী সংৰক্ষিত বনাঞ্চলত সংঘটিত এই বন ধ্বংস-যজ্ঞ শীঘ্ৰে বন্ধ নকৰিলে, বনাঞ্চলখন মৰুভূমিলৈ ৰূপান্তৰিত হোৱাটো নিশ্চিত।