গুৱাহাটী : কামৰূপ মহানগৰ জিলাত ডায়েৰীয়া নিয়ন্ত্ৰণ পষেকৰ শুভাৰম্ভ। বাৰিষাৰ লগে লগে আৰম্ভ হোৱা ডায়েৰীয়াৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ’ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক’। ভেটাপাৰা ৰাজ্যিক চিকিৎসালয়ত এই কাৰ্যসূচী মুকলি কৰে কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰিকাই।

শুকুৰবাৰৰ পৰা অহা ২৯ জুলাইলৈ চলিবলগীয়া এই পষেকত জিলাখনৰ ০-৫ বছৰ বয়সৰ সকলো শিশুকে সাঙুৰি লোৱা হ’ব আৰু শিশু সকলৰ মাজত অ আৰ এছ আৰু জিংক টেবলেট বিতৰণ কৰা হ’ব। লগতে ডায়েৰীয়া প্ৰৱণ অঞ্চলসমূহ, বিশেষকৈ চহৰৰ বস্তি অঞ্চল সমূহ আৰু ভিতৰুৱা গাঁও সমূহত বিভিন্ন প্ৰচাৰ মাধ্যমেৰে সজাগতা সৃষ্টিৰ ব্যৱস্থা হাতত লোৱা হৈছে।

ইয়াৰ লগতে বিদ্যালয়ৰ ছাত্র-ছাত্রী সকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ, পৰিষ্কাৰকৈ হাত ধোৱা অভ্যাস আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ গুৰুত্ব সম্পৰ্কেও সজাগতা সৃষ্টি কৰা হ’ব। ’ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক’ অনুষ্ঠানৰ শুভাৰম্ভণী‌ অনুষ্ঠানত জিলাখনৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া(সংক্ৰমিত ৰোগ) ডাঃ জে পি শৰ্মা, জিলা প্ৰতিষেধক বিষয়া ডাঃ বি কে দাসকে ধৰি স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া সকল উপস্থিত থাকে।