কৰিমগঞ্জ : ড্ৰাগছ সৰবৰাহত বিধায়কৰ ভাতৃ জড়িত থকাৰ গুৰুত্বৰ অভিযোগ। ৪ কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত এজন বিধায়কৰ ভাতৃ পৰা বুলি জানিব পৰা গৈছে। বৰাকৰ কৰিমগঞ্জৰ বিধয়াক ছিদ্দিক আহমেদৰ সম্পৰ্কীয় ভাতৃ ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে এই সম্পৰ্কে আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য দিয়া নাই।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে এটাৰ পিছত আনটো সাফল্য লাভ কৰি থকাৰ মাজতে কৰিমগঞ্জ আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে। কৰিমগঞ্জ আৰক্ষীয়ে ৪ কোটি টকা মূল্যৰ হে’ৰইনসহ এজন ড্ৰাগছ সৰবৰাহকাৰীৰ গ্ৰেপ্তাৰ কৰিছে। বৃহস্পতিবাৰে নিশা এই বৃহৎ সাফল্য লাভ কৰে কৰিমগঞ্জ আৰক্ষীয়ে।

এক গোপন খবৰৰ ভিত্তিত নিশা কৰিমগঞ্জ আৰক্ষীয়ে অভিযান চলাই এখন বলেৰ বাহনৰ পৰা প্ৰায় আধা কেজি হে’ৰইন জব্দ কৰে। বলেৰ বাহনখনৰ পৰা আৰক্ষীয়ে ৪৭ টা চাবোনৰ বাকচ ভৰ্তি হে’ৰইন জব্দ কৰে। বলেৰ বাহনখনৰ পে’ট্ৰলৰ টেংকী আৰু টায়াৰৰ কাষত গোপন চেম্বাৰ বনাই হে’ৰইন ভৰ্তি চাবোনৰ বাকচ কেইটা লুকুৱাই আনিছিল।

আৰক্ষীৰ অভিযান হে’ৰইনখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰা আফতাৰ হুছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী জালত পৰে। আফতাৰ হুছেইন কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদৰ সম্পৰ্কীয় ভাতৃ বুলি জানিব পৰা গৈছে। অৱশ্যে এই সম্পৰ্কে আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য দিয়া নাই। আৰক্ষীৰ তদন্ত অব্যাহত আছে।