গুৱাহাটী : মহানগৰী গুৱাহাটীত গ্ৰেপ্তাৰ এগৰাকী মহিলা গাঞ্জা ব্যৱসায়ী। বৃহৎ পৰিমাণৰ গাঞ্জা আৰু নগদ ৪,৩৩,৮০০ টকাসহ গ্ৰেপ্তাৰ মহিলা গাঞ্জা ব্যৱসায়ী। হাতীগাঁও অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলা গাঞ্জা ব্যৱসায়ী গৰাকীক। আৰক্ষীৰ জেৰা অব্যাহত।

ড্ৰাগছ আৰু নিচিযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। আৰক্ষীৰ অভিযানত প্ৰতিদিনে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী জব্দ হৈছে। জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী আৰু নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ী। এইবাৰ মহিলা গাঞ্জা ব্যৱসায়ী পৰিছে আৰক্ষীৰ জালত।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে এগৰাকী মহিলা গাঞ্জা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। হাতীগাঁও আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত সিজুবাৰী অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা আৰু নগদ ধনসহ মহিলা গাঞ্জা ব্যৱসায়ী গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত মহিলা গৰাকীৰ নাম মায়ুৰী বেমগ।

হাতীগাঁও আৰক্ষীৰ অভিযানকাৰী দলটোৱে সিজুবাৰীস্থিত মায়ুৰী বেগমৰ ঘৰত অভিযান চলাই ৭.৩৮ কেজি গাঞ্জা উদ্ধাৰ কৰে। আৰক্ষীয়ে মহিলা গৰাকীৰ কবলৰ পৰা নগদ ৪,৩৩,৮০০ টকাও জব্দ কৰে। মায়ুৰী বেগম নামৰ গাঞ্জা ব্যৱসায়ী গৰাকীক হাতীগাঁও আৰক্ষী থানাত অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাই আছে।