গুৱাহাটী

১৭ জুলাই

ৰাজ্যত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। বৰ্তমান অসমৰ কেইবাখনো জিলা বানপানীৰ কবলত। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ চৰকাৰক তীব্ৰ সমালোচনা।

শেহতীয়া বান পৰিস্থিতিক লৈ দেৱব্ৰত শইকীয়াই মন্তব্য প্ৰকাশ কৰি কয় “অসমৰ কেইবাখনো জিলা বানপানীৰ কবলত, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনা তথা ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবে অসমৰ বানাক্ৰান্ত ৰাইজে যি সাহায্য পাব লাগিছিল তাৰ পৰা বঞ্চিত হৈছে”। বিৰোধী দলপতি গৰাকীয়ে আৰু কয় যে, যোৱা ২০১৭ চনত সেইসময়ত বছৰটোৰ তৃতীয় বানপানীয়ে ৰাজ্যত আতংকৰ সৃষ্টি কৰাৰ পিছত ১ আগষ্ট তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম ভ্ৰমণ কৰিছিল আৰু উত্তৰ পূবৰ বাবে বিশেষ ২৩.৫০ কোটি টকাৰ এক পেকেজ ঘোষণা কৰিছিল লগতে ব্ৰহ্মপুত্ৰৰ নদীৰ গতিবিধি লক্ষ্য কৰাৰ বাবে আছুতীয়াকৈ ১০০ কোটি টকাৰ এক প্ৰকল্পও ঘোষণা কৰিছিল আৰু অসমৰ বানপিড়িত সকলৰ বাবে ৩০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল কিন্তু আজিলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰ পৰা এটকাও পাবলৈ সক্ষম নহ’ল অসম চৰকাৰে।

আগৰ পাব লগীয়া ধনে এতিয়ালৈকে অসম চৰকাৰে পোৱা নাই আৰু এতিয়া পুনৰ বানাক্ৰান্ত ৰাইজক চৰকাৰে কিদৰে সাহায্য দিব। এই এক চিন্তনীয় বিষয়। বিৰোধী দলৰ হাতত থকা সমষ্টি বোৰটো বাদে, তেওঁলোকৰ নিজৰ দলৰ সমষ্টিবোৰতে বানপানীৰ কবলত পৰা জনসাধাৰণক সাহায্য প্ৰদান কৰিব পৰা নাই। নিৰ্বাচনৰ আগত “ডাবল ইঞ্জিনৰ” চৰকাৰ অসমৰ ৰাইজে পাবলৈ গৈ আছে বুলি সংলাপ দিয়া বিজেপি দলৰ নেতৃত্বাধীন চৰকাৰখনে পাব লগীয়া ধনে এতিয়ালৈকে আহৰণ কৰিবলৈ সক্ষম নোহোৱাটো অতিশয় দুখৰ বিষয় বুলিও প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। বিৰোধী দলপতি গৰাকীয়ে লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰে পাবলগীয়া ধন অতি শীঘ্ৰে মোকলাই আনিবলৈ আহ্বান জনায়।