শিবেন্দু বৰা

জুৰীয়া

১৭ জুলাই

নগাঁও জিলাৰ জুৰীয়াৰ সুতিৰপাৰত লাওঁখোৱা অভয়াৰন্যৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ সন্দৰ্ভত সজাগতা সভা। বানপানীৰ ফলত অভয়াৰণ্যখনৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যপ্ৰাণী সমূহক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে বেচৰকাৰী সন্থাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। বেচৰকাৰী সন্থাক সহযোগ কৰিলে লাওখোৱা অভয়াৰণ্য কাষৰীয়া গাঁৱৰ কেইবাগৰাকী শিক্ষিত যুৱক।

এফালে সমগ্ৰ বিশ্বত কৰ’ণা ভাইৰাছৰ তাণ্ডৱ, আনফালে ৰাজ্যত কৰ’ণা ভাইৰাছৰ সমান্তৰালে চলিছে বানপানীৰ সন্ত্ৰাস। কৰ’ণা ভাইৰাছৰ ভয়ত গৃহবন্দী হোৱা মানুহক বানপানীয়ে ঘৰৰ পৰা উলিয়াই আনি বাধ্য কৰিছে আশ্ৰয় শিবিৰত বসবাস কৰিবলৈ। কালৰূপী বলিয়া বানে কেৱল মানুহৰ বাবেই নহয় বন্যপ্ৰাণী সমূহৰ বাবেও কঢ়িয়াই আনিছে ভাবুকি। বাঢ়নী পানীৰ তলত ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সমূহ ডুব যোৱাত নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিছে বন্যপ্ৰাণী সমূহ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পাবিতৰা অভয়াৰণ্যৰ লগতে নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যৰ বিস্তীৰ্ণ এলেকা জলমগ্ন হৈ পৰাত বন্যপ্ৰাণী সমূহে আশ্ৰয় বিচাৰি ওখ স্থান সমূহৰ লগতে ঢাপলি মেলিছে জনাঞ্চললৈ। লাওখোৱা অভয়াৰণ্যৰ বহু বন্যপ্ৰাণী অভয়াৰণ্যখনৰ কাষৰীয়া গাঁও সমূহলৈও বিভিন্ন সময়ত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত বন্যপ্ৰাণী সমূহ যাতে দুষ্ট চক্ৰৰ বলি নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অৰণ্যক, ডব্লিউ ডব্লিউ এফ আৰু এল বি চি এছ নামৰ বেচৰকাৰী সংস্থাই বনবিভাগৰ সহযোগত গাঁওবাসীক সজাগ কৰি তোলাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

বন বিভাগ আৰু বেচৰকাৰী সন্থা কেইটাই নগাঁও জিলাৰ জুৰীয়াৰ সুতিপাৰত লাওখোৱা অভয়াৰন্যৰ কাষৰীয়া গাওঁ সমুহত স্থানীয় কেইজনমান শিক্ষিত যুৱকৰ সহযোগত সজাগতা সভা অনুষ্ঠিত কৰি দুষ্ট চক্ৰৰ বিৰুদ্ধে গাঁওবাসীক সতৰ্ক থাকিবলৈ আহ্বান জনাইছে। বানপানীৰ ফলত অভয়াৰণ্যখনৰ পৰা ওলাই অহা বন্যপ্ৰাণী সমূহক যাতে কোনো দুষ্ট চক্ৰই হত্যা নকৰে তাৰ প্ৰতি গাঁওবাসীক বিশেষ দৃষ্টি ৰাখিবলৈ সজাগতা অনুষ্ঠানত আহ্বান জনাই বন বিভাগৰ লগতে বেচৰকাৰী সন্থা কেইটাৰ সদস্য সকলে।