Shivani Saikia

গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা দুটা দশক অতিক্ৰম কৰিলে যদিও আগন্ত দিনত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰৰ মৰ্যাদা ধৰি ৰাখি পাৰিব নে ? ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাঁচকৈ বৈশিষ্টত উত্তীৰ্ণ হোৱা দীপৰ বিলে ক্ৰমাৎ হেৰুৱাবলৈ ধৰিছে এই বৈশিষ্ট্য সমূহ।

কংক্ৰীটৰ মহানগৰী গুৱাহাটীৰ গাতে লাগি আছে এখন বিশাল জলাশয়। গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত ৪.১৪ বৰ্গ কিঃমিঃ এলেকাত বিস্তৃত এই বিশাল জলাশয়খন দীপৰ বিল। দীপৰ বিলৰ মনোমোহা পৰিৱেশ সম্পৰ্কে বৰ্ণনা কৰাৰ প্ৰয়োজন নাই। দীপৰ বিললৈ অহা প্ৰতিজন লোকেই ইয়াৰ সৌন্দৰ্য্যৰ লগত অৱগত। বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী চৰাইৰ বাসস্থান দীপৰ বিলৰ সৌন্দৰ্য্যই শীতৰ আগমনৰ লগে লগে দুগুণ বৃদ্ধি পায়। প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত দীপৰ বিলত আশ্ৰয় ল’বলৈ অহা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইয়ে ইয়াৰ সৌন্দৰ্য্যক দুগুণ বৃদ্ধি কৰে।

কেৱল দীপৰ বিলেই নহয়, শীতৰ আগমনৰ লগে লগে অসমৰ বুকুত থকা হাজাৰ হাজাৰ সৰু-বৰ জলাশয় সমূহ পৰিভ্ৰমী চৰাইৰ আশ্ৰয়স্থলী। পিছে দীপৰ বিলৰ কিছুমান বৈশিষ্ট্যই ইয়াক অসমৰ আন আন জলাশয় সমূহৰ পৰা পৃথক কৰি ৰাখিছে। দীপৰ বিলৰ পাঁচটাকৈ বৈশিষ্ট্যই ইয়াক ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰিছে, যিটো অসমৰ কোনো এখন বিলে লাভ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰতিবছৰৰ দৰে এইবাৰো শীতৰ আগমনত দীপৰ বিলত কেইবাটাও প্ৰজাতিৰ চৰাইৰৰ আগমন ঘটিছে। কিন্তু চৰাইৰ সংখ্যা পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে।

২০০২ চনত এদিনতে ১৯ হাজাৰ চৰাইৰ গণনা কৰা হৈছিল দীপৰ বিলত। ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃত লাভ কৰাৰ পাঁচটাকৈ বৈশিষ্টত উত্তীৰ্ণ হৈ অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰত স্বীকৃত লাভ কৰিবলৈ সক্ষম হোৱা দীপৰ বিলত হ্ৰাস পাইছে চৰাইৰ সংখ্যা। ইয়াৰ লগতে দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা অন্যান্য বৈশিষ্ট সমূহ। দীপৰ বিল সংৰক্ষণৰ বাবে দীর্ঘদিন ধৰি সংগ্রাম চলাই অহা প্ৰমোদ কলিতাই কয় “বৰাগাঁৱত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডৰ প্ৰদূষণৰ কবলত পৰি ইতিমধ্যে দীপৰ বিল নিঃশেষ হৈছে। দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা বৈশিষ্ট্য সমূহ দিনক দিনে হেৰুৱাবলৈ ধৰিছে।”

অতিকৈ পৰিতাপৰ বিষয় যে বৰ্তমান নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁজ চলাই থকা দীপৰ বিলৰ আজি পৰ্যন্ত সীমা নিৰ্ধাৰণ কৰা নহ’ল। যোৱা বছৰ চলোৱা চৰাইৰ জৰীপত দীপৰ বিলত অস্বাভাৱিভাৱে চৰাইৰ সংখ্যা হ্ৰাস পাইছে। দুটা দশক পূৰ্বে দীপৰ বিলত ২৯১ টা প্ৰজাতৰি চৰাই আছিল যদিও বৰ্তমান মাত্ৰ ৬৬ বিধ প্ৰজাতিৰ চৰাইৰ আছে দীপৰ বিলত। প্ৰদূষণৰ ফলত ৰোগীয়া হৈ পৰা চৰাইৰ স্বৰ্গভূমি দীপৰ বিল মৃত্যুৰ ক্ষণ গনিছে। বন বিভাগ তথা চৰকাৰে দীপৰ বিল সংৰক্ষণত গুৰুত্ব প্ৰদান কৰা বুলি সময়ে সময়ে ঘোষণা কৰি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ভৱিষ্যতে দীপৰ বিলৰ বুকু চৰাইৰ পৰিবৰ্তে আৱৰ্জনাৰে ভৰি পৰিব বুলি শংকা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী যুৱক প্ৰমোদ কলিতাই।