গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো অত্যাধুনিক ষ্টুডিঅ’ মুকলি কৰে। গুৱাহাটীৰ ভাৰতীয় ষ্টেট বেংকৰ উলুবাৰী শাখাৰ বিপৰীতে বি কে কাকতি ৰোডত অৱস্থিত চেলুনখন এস্থেটিক চিকিৎসক কনচালটেণ্ট ডাঃ ৰীমা দাসে উদ্বোধন কৰে। 

চেলুন আজুৰ হৈছে ইণ্টাৰকোৱাফিউৰ (সৌন্দৰ্য্য বৃত্তিৰ আটাইতকৈ প্ৰতিভাৱান আৰু প্ৰতিষ্ঠিত সংস্থা) আমেৰিকা/কানাডাৰ এক গৌৰৱান্বিত সদস্য। ১৯৯৯ চনত আমেৰিকাৰ নক্সভিলত স্থাপিত চেলুন আজুৰৰ প্ৰথমটো ভাৰতীয় শাখা দিল্লীত  অৱস্থিত। ৩০০০ বৰ্গফুট এলেকাত বিস্তৃত গুৱাহাটীৰ চেলুন আজুৰে চুলি কটা, ৰং কৰা আৰু ষ্টাইলিং; ৱেক্সিং আৰু টেনিং; মুখমণ্ডল আৰু ছালৰ যতন সম্পৰ্কীয় বিস্তৃত পৰিসৰৰ সেৱা; নখৰ যতন; মেক-আপ আৰু মেকঅভাৰৰ দৰে বিভিন্ন সেৱা আগবঢ়াব।

“গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় খ্যাতিৰ এটা ব্ৰেণ্ড স্থাপন কৰিবলৈ পাই আমি গৌৰৱান্বিত। ভাৰতত এয়া হ’ব চেলুন আজুৰৰ দ্বিতীয়টো আউটলেট। অঞ্চলটোৰ প্ৰথমটো চেলুন আজুৰ ষ্টুডিঅ’ মুকলি হোৱাৰ লগে লগে সৌন্দৰ্য্য সেৱা উদ্যোগটোৱে দ্ৰুত পৰিৱৰ্তন দেখিব বুলি আমি নিশ্চিত।” চেলুন আজুৰ গুৱাহাটীৰ স্বত্বাধিকাৰী ঋতুশ্ৰী জাজোদিয়াই এনেদৰে কয়। চেলুন আজুৰত এক সৎ, সামগ্ৰিক পদ্ধতিৰে আদৰ্শমূলকভাৱে আগবঢ়োৱা কৰ্ম-কৌশলসমৃদ্ধু উন্নত মানদণ্ডৰ সেৱাই তেওঁলোকৰ ব্যক্তিগত মূল্যবোধক প্ৰত্যক্ষভাৱে প্ৰতিফলিত কৰে যাক আন্তৰিক আৰু সযত্নমূলক দৰ্শন বুলিব পাৰি।

“আমি বিশ্বাস কৰোঁ যে আপোনাৰ চুলি আপোনাৰ ব্যক্তিত্ব আৰু জীৱনশৈলীৰ লগত খাপ খোৱা হ’ব লাগে। আপোনাক শ্ৰেষ্ঠতম সেৱা আগবঢ়াবলৈ আমি আমাৰ কলা আৰু কুশলতা ব্যৱহাৰ কৰাৰ আগতে আপোনাৰ ব্যক্তিত্ব সম্পৰ্কে ভালদৰে বুজি লোৱাত গুৰুত্ব প্ৰদান কৰোঁ।” চেলুনখনৰ এক সূত্ৰই নিজৰ বিবৃতিত এনেদৰে কয়। চেলুন আজুৰ হৈছে চুলিৰ আধুনিক ডিজাইনৰ জগতখনৰ সৈতে আপোনাৰ সংযুক্ত কৰি তোলাৰ এক মাধ্যম। আপুনি দেখা পোৱা “নিখুঁত”ভাৱে কটা বা ৰং কৰা চুলিৰ কাম চেলন আজুৰত কৰাৰ সম্ভাৱনাই অধিক।

উল্লেখযোগ্য যে, চেলুনখনত গ্ৰাহকৰ নিজৰ ছাল, নখ আৰু সৌন্দৰ্য্যবৰ্ধনৰ বাবে ডেভিনছ, শ্ব’ৱাৰ্জকফ, গ্ল’বেল কেৰাটিন, কম্ফৰ্ট জ’ন, এভিএল আদিৰ দৰে ভিন ভিন উন্নতমানৰ তথা বিশ্বৰ আগশাৰীৰ ব্ৰেণ্ড ব্যৱহাৰ কৰা হয়। “মানুহক নিজৰ আৰু তেওঁলোকে বাস কৰা পৰিৱেশৰ যত্ন ল’বলৈ উৎসাহিত কৰি বহনক্ষম সৌন্দৰ্য্য সৃষ্টি কৰাটোৱেই হৈছে আমাৰ স্কিন কেয়াৰ এক্সপাৰ্টৰ মূল উদ্দেশ্য,” বিবৃতিটোত এনেদৰে কোৱা হয়।