নিউজ ডেস্ক : অৱশেষত উদ্ধাৰ হ’ল অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকাৰ মৃতদেহ। উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলনৰ (Avalanche) ঘটনাত সন্ধানহীন হৈছিল অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা। উত্তৰ কাশীৰ নেহৰু মাউণ্টেনাৰিং ইনষ্টিটিউটৰ পৰ্বতাৰোহী আছিল দ্বীপশিখা হাজৰিকা।

যোৱা ৪ অক্টোবৰত উত্তৰাখণ্ডত সংঘটিত হোৱা ভয়ংকৰ হিমস্খলনৰ ঘটনাত সন্ধানহীন হোৱা অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকাৰ মৃতদেহ অৱশেষত উদ্ধাৰ হৈছে। উদ্ধাৰকাৰী দলটোৱে অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকাৰ লগতে মুঠ ৮ গৰাকী পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ কৰিছে। বৰ্তমানলৈকে ২৬ গৰাকী পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰ অভিযান চলাই থকা উদ্ধাৰকাৰী দলটোৱে।

উদ্ধাৰকাৰী দলটোৱে উদ্ধাৰ কৰা পৰ্বতাৰোহী কেইজনৰ মৃতদেহ পর্বতৰ সুউচ্চ শিখৰৰ পৰা হেলিকপ্টাৰেৰে বেছ কেম্পলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। হিমস্খলনত মৃত্যু হোৱা অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা গুৱাহাটীৰ ৰাজগড়ৰ গোলাপ হাজৰিকাৰ কন্যা।

উল্লেখ্য যে উত্তৰাখণ্ডত ৪ অক্টোবৰত সংঘটিত হোৱা ভয়ংকৰ হিমস্খলনৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছিল অসমৰ ভাৰ্গৱ বৰা নামৰ আন এগৰাকী পৰ্বতাৰোহীৰ। হিমস্খলনৰ ঘটনাৰ পৰা ৰক্ষা পৰা ভাৰ্গৱ বৰাৰ ঘৰ যোৰহাটত। ঘটনা সংঘটিত হোৱাই দিনাই ১০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হৈছিল আৰু অসমৰ দ্বীপশিখা হাজৰিকাৰ লগতে মুঠ ১১ গৰাকী পৰ্বতাৰোহী সন্ধানহীন হৈ আছিল।

পৰ্বতাৰোহীৰ দলটোত ২৫ গৰাকী প্ৰশিক্ষাৰ্থীৰ লগতে ৭ গৰাকী প্ৰশিক্ষক আছিল। ৪ অক্টোবৰত পৰ্বতাৰোহীৰ দলটো উভতি অহাৰ সময়ত সংঘটিত হৈছিল ভয়ংকৰ হিমস্খলনৰ ঘটনা। পৰ্বতাৰোহীৰ দলটো উভতি অহাৰ সময়ত ১৬ হাজাৰ ফুট উচ্চতাত সংঘটিত হৈছিল ভয়ংকৰ হিমস্খলন ঘটনা। বর্তমানেও সন্ধানহীন হৈ থকা সকলক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে।