নিউজ ডেস্ক : এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এখন বিলাসী বাছত (Burning Bus) সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত মৃত্যু হৈছে ১১ জনকৈ লোকৰ। এখন ট্ৰাকৰ লগত বিলাসী বাছখনৰ সংঘর্ষৰ পিছতে বাছখনত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ।

মহাৰাষ্ট্ৰৰ নাছিকত এক শোকাবহ ঘটনা সংঘটিত হৈছে। এখন বিলাসী বাছত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত ১১ জনকৈ লোকৰ মৃত্যু হৈছে। নাছিক-ঔৰঙ্গাবাদ পথত বিলাসী বাছখন আৰু এখন ট্ৰাকৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ পিছতে বাছখনত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

পুৱতি নিশা প্ৰায় ৪.০০ বজাত সংঘটিত হয় এই শোকাবহ ঘটনা। এই ভয়ংকত দুর্ঘটনাত কেইবাজনো লোক আহত হৈছে। জানিব পৰা মতে বিলাসী বাছখনত ৩০ জনকৈ যাত্ৰী আছিল। দুর্ঘটনাত ১০ জনকৈ লোক থিতাতে নিহত হোৱাৰ বিপৰীতে ১ জন লোক চিকিৎসালয় নিয়াৰ পথত মৃত্যুৰ মুখত পৰে।

জানিব পৰা মতে বিলাসী বাছখন যাৱাতমলৰ পৰা মুম্বাইলৈ গৈ আছিল। দুর্ঘটনাত খবৰ পাই ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ চেষ্টা চলায় যদিও ১১ জনকৈ লোকৰ মৃত্যু ঘটে। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকে আহত সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আহত সকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এই ভয়ংকৰ ঘটনাই সমগ্ৰ মহাৰাষ্ট্ৰতে শোকৰ ছাঁ পেলাইছে।