জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথত ৰাইজৰ তৎপৰতাত উদ্ধাৰ এটা পহু। সোমবাৰে পুৱাৰ ভাগত বিশ্বনাথ ঘাটৰ নিজ বিশ্বনাথত ৰাইজে তৎপৰতা দেখুৱাই সুকলমে উদ্ধাৰ কৰে এটা পহু।

বিশ্বনাথ ঘাটৰ নিজ বিশ্বনাথত ৰাইজে উদ্ধাৰ কৰে এটা পহু। খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি জনাঞ্চলত পহুটো প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে।

পুৱা ৯ মান বজাত নিজ বিশ্বনাথৰ বিশ্বনাথ হাই স্কুলৰ সমীপত পহুটো তাঁৰত আৱদ্ধ হৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। পহুটো স্থানীয় অঞ্চলবাসীয়ে সুকলমে উদ্ধাৰ কৰি বিশ্বনাথ ঘাটস্থিত কেন্দ্ৰীয় বনাঞ্চিক কাৰ্যালয়ত পহু উদ্ধাৰ হোৱা বুলি অৱগত কৰে।

পহুটো উদ্ধাৰৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ দল। ৰাইজৰ তৎপৰতাত সুকলমে উদ্ধাৰ হোৱা পহুটোক পৰৱৰ্তী সময়ত বন বিভাগৰ দলে নিৰাপদ স্থানত মুকলি কৰাৰ বাবে লৈ যায়।