লক্ষ্মণ কুমাৰ নাথ
গোৱালপাৰা : এক পথ দুর্ঘটনাক কেন্দ্ৰ কৰি গোলাপাৰত তীব্ৰ চাঞ্চল্য। হত্যাৰ অপচেষ্টাক পথ দুর্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা। দুই ভাতৃক বলেৰ’ গাড়ীৰে মহতিয়াই হত্যাৰ অপচেষ্টা। গুৰুত্বৰভাৱে আহত দুই ভাতৃ। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল সমগ্ৰ ঘটনা। ধনৰ বিনিময়ত দুই ভাতৃক হত্যাৰ অপচেষ্টা চলোৱাৰ কথা স্বীকাৰ কৰিলে চুপাৰি কিলাৰে।

কিছুদিন পুর্বে গোৱালপাৰাত সংঘটিত হৈছিল এক পথ দুর্ঘটনা। ছাজিদুল ৰহমান আৰু ইমৰান খান নামৰ দুই ভাতৃ নিশা নিজৰ ফাৰ্মাচী বন্ধ কৰি দুচকীয়া বাহনত ঘৰলৈ যোৱাৰ পথত এখন বলেৰ’ বাহনে মহতিয়াই নিছিল দুই ভাতৃক। এই পথ দুর্ঘটনাত গুৰুত্বৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছিল দুই ভাতৃ।

দুর্ঘটনা সন্দৰ্ভত ছাজিদুল ৰহমানে থানাত এক গোচৰ ৰুজু কৰিছিল। ছাজিদুল ৰহমানৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দুর্ঘটনা সংঘটিত কৰা বলেৰ’ গাড়ীখনৰ চালকজনক আটক কৰি জেৰা চলায়। আৰক্ষীৰ জেৰাত এই দুর্ঘটনা প্ৰকৃততে হত্যাৰ অপচেষ্টা আছিল বুলি পোহৰলৈ আহে। বেলৰ’ গাড়ীৰ চালক জেল হকে হত্যাৰ অপচেষ্টাৰ কথা স্বীকাৰ কৰে।

বলেৰ’ গাড়ীৰ চালক জেল হকক অভিৰাম সাহা নামৰ এজন লোকে দুই ভাতৃক হত্যাৰ বাবে ধন দিছিল বুলি স্বীকাৰ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে জেল হকৰ আৰু অভিৰাম সাহাক গ্ৰেপ্তাৰ কৰে। ব্যৱসায়ী সংঘাতৰ বাবেই অভিৰাম সাহাই দুই ভাতৃক হত্যাৰ পৰিকল্পনা কৰিছিল। এই ঘটনাই গোৱালপাৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।