গুৱাহাটী : ড্ৰাগছ আসক্ত ভাতৃয়ে হত্যা কৰিলে ভাতৃক। কনিষ্ঠ ভাতৃয়ে হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক। চান্দমাৰীৰ কুশল নগৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। দুয়োজন ভাতৃ ড্ৰাগছ আসক্ত আছিল।

ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিনাম। ড্ৰাগছৰ নিচা কিমান ভয়ংকৰ এই কথা সকলোৰে জ্ঞাত। ড্ৰাগছৰ আসক্ত যুৱক এজনে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। জ্যেষ্ঠ ভাতৃকে হত্যা কৰিলে ড্ৰাগছ আসক্ত এজন যুৱকে।

দেওবাৰে নিশা চান্দমাৰীৰ কুশল নগৰৰ জিন্টু দাস নামৰ এজন ড্ৰাগছ আসক্ত যুৱকে নিজ জ্যেষ্ঠ ভাতৃ কমল দাসক নৃশংসভাৱে হত্যা কৰে। শোৱাপাটীতে নিশা জ্যেষ্ঠ ভাতৃ কমল দাসক হত্যা কৰে জিন্টু দাসে।

নিশা মাতৃ আৰু ভগ্নীৰ সন্মুখতে দুয়ো ভাতৃৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল বুলি জানিব পৰা গৈছে। জ্যেষ্ঠ ভাতৃৰ হত্যাকাৰী জিন্টু দাস পলাতক অৱস্থাত আছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।