গুৱাহাটী : পূৰ্বে কেতিয়াও এনেধৰণৰ দাবী লৈ ৰাজপথলৈ ওলাই অহা নাছিল খেলুৱৈ সকল। পূৰ্বে কেতিয়াও খেলপথাৰ বিচাৰি ৰাজপথত নামিব লগা হোৱা নাছিল খেলুৱৈ সকল। কিন্তু দেওবাৰে এখন খেল পথাৰৰ দাবীত ৰাজপথত নামিব লগা হ’ল খেলুৱৈ সকল। ফুটবল খেলাৰ বাবে এখন খেলপথাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ল খেলুৱৈ সকল।

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিবলৈ ৰাজ্য চৰকাৰখনে ৰাজ্যখন ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ় দিয়াৰ পৰিকল্পনা কৰা বুলি চৰকাৰখনৰ মন্ত্ৰী-বিধায়কৰ ভাষণত প্ৰায়ে শুনিবলৈ পোৱা যায়। কিন্ত বাস্তৱ ক্ষেত্ৰত মন্ত্রী-বিধায়কৰ ভাষণ শুনিবলৈহে যে ভাল ইয়াৰ প্ৰমাণ পুনৰ এবাৰ প্ৰমাণিত হ’ল গুৱাহাটীৰ ৰাজপথত।

ক্ৰীড়াৰ উন্নয়নৰ কথা কোৱা এইখন চৰকাৰৰ দিনতে এখন খেলপথাৰৰ দাবীত প্ৰথমবাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ’ল খেলুৱৈ সকল। গুৱাহাটীত ফুটবল খেলাৰ বাবে এখন খেলপথাৰ বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে বিভিন্ন পৰ্যায়ৰ ফুটবল খেলুৱৈ সকলে। নেহৰু ষ্টেডিয়ামখন সম্পূৰ্ণভাৱে ফুটবল খেলৰ বাবে সংৰক্ষণ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী ফুটবল খেলুৱৈ সকলে।

প্ৰাক্তন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ সকলৰ লগতে বৰ্তমান ফুটবল খেলত সক্ৰিয় হৈ থকা খেলুৱৈ সকলৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লোকে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ ৰাজপথলৈ ওলাই আহি এখন ফুটবল খেলপথাৰৰ দাবী জনায়। প্ৰতিবাদ অসমৰ ফুটবল খেলুৱৈ সকলৰ লগতে মণিপুৰ আৰু মিজোৰামৰ ফুটবল খেলুৱৈও অংশগ্ৰহণ কৰে।

উল্লেখ্য যে গুৱাহাটী মহানগৰীত দহখনকৈ খেলপথাৰ আছে যদিও ফুটবল খেলাৰ বাবে নাই এখনো খেলপথাৰ। ফুটবল খেলাৰ বাবে এখন খেলপথাৰ বিচাৰি এইদৰে ফুটবল খেলুৱৈ সকল ৰাজপথত নামিবলৈ বাধ্য হোৱাটোৱেই প্ৰমাণ কৰে যে ফুটবল খেলৰ প্ৰতি চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব নাই। ফুটবল খেলৰ বাবে খেলপথাৰৰ দাবী জনাই সাব্যস্ত কৰা এই প্ৰতিবাদক সমৰ্থন জনাই বাইচুং ভূটীয়াই।