নিউজ ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সন্দৰ্ভত আবেদন দাখিল কৰাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক (Arvind Kejriwal) শেহতীয়াকৈ আদালতে ২৫ হাজাৰ টকাৰ জৰিমনা বিহিছিল। শুকুৰবাৰে আদালতে জৰিমনা বিহা দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শনিবাৰে পুনৰ এক সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সন্দৰ্ভত প্ৰশ্ন কৰে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদমেলত কয় “কম শিক্ষিত বা নিৰক্ষৰ হোৱাটো অপৰাধ বা পাপ নহয়, মই কিয় এই তথ্য বিচাৰিলোঁ? দেশখনে ৭৫ বছৰত যিমান উন্নতি কৰিব লাগিছিল, সিমান উন্নতি নহ’ল৷ একবিংশ শতিকাৰ যুৱক-যুৱতীসকলে দ্ৰুত অগ্ৰগতি বিচাৰে। এনে পৰিস্থিতিত দেশৰ প্ৰধানমন্ত্ৰীক শিক্ষিত হোৱাটো প্ৰয়োজনীয়। দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা নলাৰ পৰা গেছ ওলায় আৰু ইয়াৰ পৰা চাহ বনাব পাৰি এনে ধৰণ বক্তব্য আহে।”

দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় “গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত প্ৰধানমন্ত্ৰীৰ শৈক্ষিক অৰ্হতাৰ তথ্য লাভ কৰিব নোৱাৰিব। এই কথাত স্তম্ভিত হৈ পৰিছে দেশ। কোনোবাই শিক্ষিত বা নিৰক্ষৰ হোৱাটো অপৰাধ নহয়। আমাৰ দেশত দৰিদ্ৰতা আছে, ঘৰৰ পৰিস্থিতিৰ বাবে মানুহে পঢ়িব পৰা নাই। দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ হ’ল, আজি মানুহে দ্ৰুত অগ্ৰগতি বিচাৰে। আজিৰ যুৱক-যুৱতীসকলে দ্ৰুতগতিত আগবাঢ়িব বিচাৰে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী শিক্ষিত হোৱাটো প্ৰয়োজনীয়।”

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লগতে কয় যে প্ৰতিদিনে আমি দেখিবলৈ পাওঁ প্ৰধানমন্ত্ৰীৰ বক্তব্যই দেশক অশান্তি দিয়ে। নলাৰ গেছৰ পৰা চাহ বনাব পাৰি, ডাৱৰৰ আঁৰত বিমানখন ধৰিব নোৱাৰিব আদি এনেধৰণৰ বক্তব্য প্ৰধানমন্ত্ৰীয়ে দিয়ে। এজন শিক্ষিত ব্যক্তিয়ে এনে কাম নকৰিলেহেঁতেন। এনে লাগে যেন তেওঁ বিজ্ঞানৰ বিষয়ে অতি কমেইহে জানে। কানাডাত a+b সম্পৰ্কে তেওঁ কি ক’লে সকলোৱে দেখিলে, তেওঁ ল’ৰা-ছোৱালীক ক’লে যে জলবায়ু পৰিৱৰ্তন একোৱেই নহয়, আনহাতে ই এটা বাস্তৱ, তাত ল’ৰা-ছোৱালীবোৰে হাঁহি আছিল, এনেদৰে প্ৰধানমন্ত্ৰী শিক্ষিত নে নহয় সন্দেহৰ বিষয়।

দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলত কয় “প্ৰধানমন্ত্ৰীয়ে এদিনতে শ শ সিদ্ধান্ত ল’ব লাগে, শিক্ষিত নহ’লে বিষয়াসকলে যিকোনো ঠাইতে চহী ল’ব পাৰিব। বিমুদ্ৰাকৰণ হোৱাৰ লগে লগে জি এছ টি কাৰ্যকৰী হ’ল, যাৰ বাবে অৰ্থনীতি ধ্বংস হ’ল, একেদৰেই কৃষি আইন অনা হ’ল। যোৱা কেইবছৰমানৰ ভিতৰত ৬০ হাজাৰ বিদ্যালয় বন্ধ হৈ গৈছে, অৰ্থাৎ শিক্ষাক উপযুক্ত গুৰুত্ব দিয়া হোৱা নাই। এখন নিৰক্ষৰ দেশ কেনেকৈ আগবাঢ়িব?”

উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশে প্ৰধানমন্ত্ৰীৰ শিক্ষাক লৈ অধিক সন্দেহৰ সৃষ্টি কৰিছে বুলিও তেওঁ কয়। যদি প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী আছে আৰু শুদ্ধ, তেন্তে কিয় দেখুওৱা হোৱা নাই, কিছুদিনৰ আগতে অমিত শ্বাহে ডিগ্ৰী দেখুৱাইছিল। এতিয়া দেখুৱাব বিচৰা নাই, ইয়াৰ প্ৰথম কাৰণ অহংকাৰৰ হ’ব পাৰে অন্যথা দ্বিতীয়টো কাৰণ ডিগ্ৰীটো ভুৱা হ’ব পাৰে। আজিৰ প্ৰশ্নটো হ’ল একবিংশ শতিকাৰ প্ৰধানমন্ত্ৰী শিক্ষিত হ’ব নালাগে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে অৰবিন্দ কেজৰিৱালে।