গুৱাহাটী : পথৰ কাষত আৱৰ্জনা (Garbage) দলিওৱা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন। পথৰ কাষত আৱৰ্জনা দলিওৱা ব্যক্তি আৰু প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰশাসনৰ কঠোৰ পদক্ষেপ। পথৰ কাষত আৱৰ্জনা দলিওৱা প্ৰতিষ্ঠান ছীল কৰিলে গুৱাহাটী পৌৰ নিগমে।

আপোনি যদি পথাৰ কাষত আৱৰ্জনা দলিয়াই তেন্তে আপুনি সাৱধান হ’বৰ হ’ল। গুৱাহাটী মহানগৰীত পথাৰ কাষত আৱৰ্জনা দলিওৱা ব্যক্তি আৰু প্ৰতিষ্ঠানৰ এতিয়াৰে পৰা ৰক্ষা নাই। কোনো কাৰণতে প্ৰশাসনে ক্ষমা নকৰে পথৰ কাষত আৱৰ্জনা দলিওৱা ব্যক্তি আৰু প্ৰতিষ্ঠানক।

গুৱাহাটী পৌৰ নিগমৰ ৪৮ মডেল ৱাৰ্ডত স্বচ্ছতাৰ বিধি অমান্য কৰা লোকৰ বিৰুদ্ধে প্ৰশাসনে অভিযান আৰম্ভ কৰিছে। পথৰ কাষত আৱৰ্জনা জমা কৰাৰ অপৰাধত এখন দোকান ছীল কৰিলে গুৱাহাটী পৌৰ নিগমে। পথৰ কাষত আৱৰ্জনা জমা কৰাৰ অপৰাধত মহানগৰীৰ লাষ্টগেটৰ হৰিজন কলনীৰ সিঙ ষ্টৰ নামৰ এখন দোকানখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে পৌৰ নিগমে।

পথৰ কাষত আৱৰ্জনা দলিওৱা কেইবাগৰাকীও লোককো হাতে লোতে কৰায়ত্ত কৰিলে প্ৰশাসনে। মহানগৰীবাসীক পথৰ কাষত আৱৰ্জনা জমা নকৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে। এখন স্বচ্ছ মহানগৰী গঢ়াৰ বাবে গুৱাহাটীবাসীৰ সহযোগিতাৰ আহ্বান কৰিছে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে। নিজ নিজ ৱাৰ্ডত প্ৰতিগৰাকী নাগৰিককে একোগৰাকী স্বচ্ছতা প্ৰহৰী হোৱাৰ বাবেও আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

আৱৰ্জনা জমা কৰা স্পৰ্শকাতৰ এলেকাত চিচিটিভি কেমেৰা সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ বাবেও বিষয়ববীয়া সকলক নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰী সিংহলে। উল্লেখ্য শনিবাৰে গুৱাহাটী পৌৰ নিগমৰ এটা দলে মহানগৰীৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ লগতে পথৰ কাষত আৱৰ্জনা দলিওৱা ব্যক্তি আৰু প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান চলায়।