মানকাচৰ : ৰাজ্যৰ প্ৰলয়নকাৰী বানত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মুঠ ৯৪ খন গাঁৱৰ ৪,৪০০ কৃষক পৰিয়ালৰ ১,০৯৭ হেক্টৰ কৃষিভূমি নষ্ট হৈছে। বানৰ ফলত কৃষক সকল বিস্তৰ ক্ষতিৰ সম্মুখীন হোৱাত কৃষক সকলক সকাহ দিয়াৰ বাবে প্ৰথম পৰ্যায়ত জিলা কৃষি বিভাগৰ পৰা জিলাখনত কৃষক সকলক ২৮০ কুইণ্টল উন্নত জাতৰ ধানৰ বীজ বিতৰণ কৰা হৈছে।

উল্লেখ্য যে প্ৰথমটো বানত জিলাখনৰ মুঠ ৯৪ খন ৰাজহ গাঁও বানৰ কবলত পৰিছিল। বানৰ মাজতে গৰাখহনীয়াৰ কবলত পৰি বহু পৰিয়ালে ল ঘৰ-দুৱাৰ হেৰুওৱাৰ লগতে জিলাখনত মুঠ ৪,৪০০ কৃষক পৰিয়ালৰ খেতি নষ্ট হোৱাত কৃষক সকল বিস্তৰ ক্ষতিৰ সম্মুখীন হৈছে। কেৱল কৃষি কাৰ্য জৰিয়তে উপাৰ্জন কৰা ধনেৰে পৰিয়ালক পোহপাল দিয়া কৃষক পৰিয়াল সকল বানৰ ফলত খেতি নষ্ট হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে।

জিলাখনৰ মানকাচৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৫৭ খন ৰাজহ গাঁৱৰ ২,০২৪ টা কৃষক পৰিয়ালৰ ৪০৫ হেক্টৰ কৃষি ভূমি নষ্ট হোৱাৰ লগতে দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩৭ খন ৰাজহ গাঁৱৰ ২,৩৭৬ টা কৃষক পৰিয়ালৰ ৬৯২ হেক্টৰ কৃষি ভূমি বানৰ ফলত নষ্ট হৈছে। এইবাৰ বানত জিলাখনৰ মুঠ ৪,৪০০ কৃষক পৰিয়ালৰ মুঠ ১,০৯৭ হেক্টৰ কৃষি ভূমি নষ্ট হোৱাত কৃষক সকল আৰ্থিত সমস্যাত পৰিছে।

জিলা কৃষি বিভাগৰ পৰা জানিব দিয়া মতে জিলাখনত এইবেলি ১৫ হেক্টৰ ভূমিত শালি ধানৰ কঠিয়াতলী নষ্ট হোৱাৰ লগতে ৩৯১ হেক্টৰ ভূমিত মৰাপাট খেতি, ৩৩৮ হেক্টৰ কৃষি ভূমিত মাটিমাহ, ৬৬ হেক্টৰ ভূমিত মুগুমাহ, ১০৮ হেক্টৰ ভূমিত মাকৈ খেতি, ৮৬ হেক্টৰ ভূমিত পাচলি খেতিৰ লগতে ৮৩ হেক্টৰ ভূমিত আন বিভিন্ন খেতি নষ্ট হৈছে। ক্ষতিগ্ৰস্ত কৃষক সকলক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে কৃষি বিভাগৰ জৰিয়তে বিভিন্ন খেতিৰ বাবে বীজ বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছে।

ইতিমধ্যে জিলা কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা ৰাজহ চক্ৰ বিষযাৰ জৰিয়তে গাঁওপ্ৰধান সকলে বানত ক্ষতিগ্ৰস্ত কৃষক সকলক ধান খেতিৰ বাবে প্ৰথম পৰ্যায়ত উন্নত জাতৰ ধানৰ বীজ বিতৰণ কৰি থকা পৰিলক্ষিত হৈছে। জিলাখনত প্ৰথম পৰ্যায়ত মুঠ ২৮৮ কুইণ্টল উন্নত জাতৰ ধান বিতৰণ কৰা হৈছে। আনহাতে ক্ষতিগ্ৰস্ত পাচলি খেতিয়ককে ধৰি বিভিন্ন খেতিৰ বাবে চৰকাৰীভাৱে বীজ বিতৰণ কৰিব বুলিও জিলা কৃষি বিষয়া মইনুল হকে জানিবলৈ দিয়ে।