গৰৈমাৰী : অৱশেষত জালত পৰিল গৰৈমাৰীৰ ১৫ বছৰীয়া নাবালিকা ধর্ষণকাৰী। গৰৈমাৰী আৰক্ষীৰ স্বাসৰুদ্ধকৰ অভিযানৰ সাফল্য। ২৪ ঘণ্টাৰ ভিতৰতে গৰৈমাৰী আৰক্ষীয়ে ধর্ষণকাৰী ৰবিউল হকক আটক কৰিবলৈ সক্ষম হয়।

শুকুৰবাৰে দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছিল এক জঘন্য ধর্ষণকাণ্ড। এগৰাকী ১৫ বছৰীয়া নাবালিকা বলি হৈছিল ধর্ষণৰ। ধর্ষণকাণ্ডৰ পিছত ধর্ষণকাৰীয়ে ১৫ বছৰীয়া নাবালিকা গৰাকীক পেলাই গৈছিল পথৰ ওপৰত।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ধর্ষণৰ বলি হোৱা ১৫ বছৰীয়া নাবালিকা গৰাকীক পথৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছিল। ইয়াৰ পিছতে ধর্ষণকাৰীৰ সন্ধানত আৰম্ভ হৈছিল গৰৈমাৰী আৰক্ষীৰ অভিযান। গৰৈমাৰী আৰক্ষীয়ে অভিযান চলাই ২৪ ঘন্টাৰ ভিতৰত আটক কৰে ধর্ষণকাৰীক।

শনিবাৰে নিশা প্ৰায় দুই বজাত গৰৈমাৰীৰ আলিকাষৰ পৰা আৰক্ষীয়ে আটক কৰে ধর্ষণকাৰী ৰবিউল হকক। ৰবিউল হকৰ ঘৰ গৰৈমাৰীৰ পুখুৰীপাৰত বুলি জানিব পৰা গৈছে। গৰৈমাৰীৰ আৰক্ষীয়ে ধর্ষণকাৰী ৰবিউল হকক জেৰা অব্যাহত ৰাখিছে।