ধুবুৰী : ২০১২ চনৰ ৩০ এপ্ৰিল তাৰিখে বিয়লি প্ৰায় ৫ বজাত ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ যাত্ৰা কৰা এখন যাত্ৰীবাহী ফেৰী অধিক যাত্ৰী নিয়াৰ ফলত মেদেৰটাৰীত দুৰ্ঘটনাত পতিত হৈছিল। এই ফেৰী দুৰ্ঘটনাত প্ৰায় অৰ্ধশতাধিক যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। এই ফেৰী দুৰ্ঘটনাৰ পিছতে ধুবুৰী জিলা প্ৰশাসনে ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ চলাচল কৰা ফেৰী সমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে ধুবুৰী জিলা আভ্যন্তৰীণ জল পৰিবহন বিভাগত নিৰ্দেশ দিছিল। কিছুদিনৰ বাবে ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ চলাচল কৰা ফেৰী সমূহত কিমান যাত্ৰী যাতায়াত কৰে, কোন কোন যাত্ৰী কোন ফেৰীৰে ক’ত যাব ইত্যাদি নীতি নিয়ম বান্ধি দিয়াৰ লগতে লাইফ জেকেটৰ ব্যৱস্থা কৰা হৈছিল। ২-৩ মাহমান এই নীতি নিয়ম সমূহ পালন কৰা হয় যদিও পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হয়। পুনৰ পূৰ্বৰ দৰে ফেৰী নিয়ন্ত্ৰণত ব্যৰ্থ হৈ পৰে ধুবুৰী জিলা প্ৰশাসনৰ লগতে ধুবুৰী জিলা আভ্যন্তৰীণ জল পৰিবহন বিভাগ।

জানিব পৰা বাতৰি মতে, ধুবুৰী চহৰৰ পৰা দক্ষিণ পাৰলৈ ধুবুৰী আৰু হাটশিঙিমাৰীৰ মাজত তিনিখন, ধুবুৰী আৰু হাজিৰহাটৰ মাজত এখন, ধুবুৰী আৰু মনিৰচৰৰ মাজত এখন, ধুবুৰী আৰু টুমনিৰ মাজত এখন, ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ মাজত দুখন, ধুবুৰী আৰু ফকিৰগঞ্জৰ মাজত দুখন, ধুবুৰী আৰু মেদেৰটাৰীৰ মাজত এখন, ধুবুৰী আৰু জলেশ্বৰৰ মাজত এখন, ধুবুৰী আৰু নিলোখীয়াৰ মাজত এখনকে ধৰি ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ প্ৰায় ১০-১৫ খন ফেৰী দৈনিক চলাচল কৰে। ইয়াৰে ধুবুৰী আৰু জলেশ্বৰ, ধুবুৰী আৰু ফকিৰগঞ্জ, ধুবুৰী আৰু মেদেৰটাৰীৰ ফেৰী সমূহ ধুবুৰী জিলা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অধীনত চলাৰ বিপৰীতে অন্য ফেৰী সমূহ ধুবুৰী ফেৰী সন্থাৰ লেচীৰ অধীনত চলি আছে বুলি জানিব পৰা গৈছে। কিন্তু ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ যাতায়ত কৰা কোনো এখন ফেৰী চৰকাৰী নিৰ্দেশনা মানি চলাচল কৰা পৰিলক্ষিত নহয়। ১০০ জন যাত্ৰী কঢ়িওৱাৰ অনুমতি থকা ফেৰীত দুই-তিনিশলৈ যাত্ৰী কঢ়িওৱাৰ উপৰিও যাত্ৰীবাহী ফেৰীত অত্যাধিক পৰিমাণৰ সামগ্ৰী কঢ়িওৱা হয়। ধুবুৰী-দক্ষিণ পাৰৰ একমাত্ৰ যাতায়তৰ মাধ্যম হৈছে জলপথ। সেই বাবে উপায়হীন যাত্ৰীয়ে প্ৰতিদিনে ফেৰীৰ সহায়ত এখন পাৰৰ পৰা আন এখন পাৰলৈ যাত্ৰা কৰিব লগীয়া হয়। ইফালে দুই-তিনিশ যাত্ৰী কঢ়িওৱা ফেৰীত মাত্ৰ কেইটামানহে লাইফ জেকেট কোনোমতে ফেৰীৰ ভিতৰত আৰি ৰাখি চৰকাৰী নিৰ্দেশনা মানি চলা বুলি ৰাইজক ফেৰী কতৃপক্ষই দেখাই আহিছে যদিও কিবা কাৰণত ফেৰী দূৰ্ঘটনাত পতিত হ’লে দুই তিনিশ যাত্ৰীৰ অৱস্থা কি হ’ব পাৰে সেয়া সহজে অনুমান কৰিব পাৰি।

ইফালে যোৱা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ধুবুৰী আৰু ফুলবাৰী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা ধুবুৰীলৈ চলাচল কৰাৰ বাবে এখন ৰ’ৰ জাহাজ সেৱা মুকলি কৰে। কিন্তু ৰহস্যজনকভাৱে ধুবুৰী জিলা প্ৰশাসনে সেই ৰ’ৰ সেৱাখন হাটশিঙিমাৰীৰ পৰা ধুবুৰীলৈ চলাচল কৰাৰ বিপৰীতে জাহাজখন ধুবুৰীৰ পৰা ধুবুৰী জিলাৰ অধীনত থকা দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জলৈ চলাচল কৰিবলৈ দিয়াত হাটশিঙিমাৰী জিলাৰ যাত্ৰী সকলে প্ৰতিদিনে বিপদসংকুল যাতায়ত কৰিবলগীয়া হৈছে।ইফালে ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে জাহাজখনৰ যাতায়ত বন্ধ কৰি ৰখাৰ ফলত যাতায়তৰ ক্ষেত্ৰত ৰাইজে সমস্যাৰ সন্মুখীন হৈছে। ফকিৰগঞ্জৰ ৰাইজে জাহাজখন পুনৰ আৰম্ভ কৰিবলৈ দাবী তোলাৰ বিপৰীতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৰাইজে জাহাজখন হাটশিঙিমাৰীৰ পৰা ধুবুৰীলৈ চলাচল কৰাবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

বুধবাৰে নিমাতিঘাটত ফেৰী দূৰ্ঘটনা হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন ইঞ্জিনৰ ফেৰী তথা কাঠৰ ফেৰী চলাচল বন্ধ কৰাৰ নিৰ্দেশ দিছিল যদিও ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ এখন ইঞ্জিন থকা কাঠৰ প্ৰায় ১০-১৫ খন ফেৰী মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অমান্য কৰি অত্যাধিক যাত্ৰী আৰু সামগ্ৰীলৈ চলাচল অব্যাহত ৰাখিছে। ইফালে হাটশিঙিমাৰীৰ পৰা ধুবুৰীলৈ যোৱা দুখন ফেৰীৰ মাজত সামন্য সংঘৰ্ষৰ লগাত দুয়োখন ফেৰী যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। অৱশ্য ফেৰী কতৃপক্ষৰ তৎপৰতাত কোনো ধৰণৰ দুর্ঘটনা সংঘটিত নহল যদিও ফেৰী চালকৰ ভুলৰ বাবে এনে ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে বুলি একাংশ যাত্ৰীয়ে জানিবলৈ দিয়ে। যাত্ৰী সকলৰ অভিযোগ মতে ফেৰী সমূহ নদীত প্ৰতিযোগিতামূলকভাৱে চলাচল কৰাৰ ফলত প্ৰায়ে দুখন ফেৰীৰ মাজত সংঘৰ্ষ হয়। যাত্ৰী সকলে কোনো ধৰণৰ নিৰাপত্তা নোহোৱাকৈ ফেৰীৰে যাতায়ত কৰিবলগীয়া হৈছে বুলিও একাংশ যাত্ৰীয়ে কয়। ফেৰী সমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ধুবুৰী জিলা প্ৰশাসন, দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জলপৰিবহন বিভাগে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।