জোনমণি বেগম
বিশ্বনাথ : নিমাতিঘাটৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকা লোকক বিচাৰি বিশ্বনাথত ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান। নিমাতিঘাটতৰ ফেৰী দুর্ঘটনা সংঘটিত হোৱা স্থানত এন ডি আৰ এফ আৰু এফ ডি আৰ এফ বাহিনীৰ অভিযান অব্যাহত থাকৰ মাজতে বিশ্বনাথতো ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অভিযান চলাইছে বিশ্বনাথ নদী আৰক্ষীয়ে। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰো নামি পৰিছে এই অভিযানত।

নিমাতিঘাটৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকা লোকৰ সন্ধান বিচাৰি শুকুৰবাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলায় বিশ্বনাথ নদী আৰক্ষীয়ে। নদী আৰক্ষীৰ এই অভিযানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও যন্ত্ৰচলিত নাৱত উঠি অভিযানত সহযোগ কৰা দেখিবলৈ পোৱা যায়। উল্লেখ্য যে নিমাতিঘাটত যোৱা বুধবাৰে দুখন ফেৰীৰ সংঘর্ষত ব্ৰহ্মপুত্ৰৰ পানীত পৰি যোৱা লোক সকলক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে যদিও এইপৰ্যন্ত দুজন লোক লুইতৰ বুকুত সন্ধানহীন হৈ আছে। এই শোকবাহ ফেৰী দুর্ঘটনাত মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয় অধ্যাপিকা পৰিমীতা দাস মৃত্যুৰ মুখত পৰাৰ লগতে দুজনকৈ লোক সন্ধানহীন হৈ আছে।

সন্ধানহীন হৈ থকা লোকৰ সন্ধান বিচাৰি ইতিমধ্যে যোৰহাট আৰক্ষী প্ৰশাসন এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে নিমাতিঘাটত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অভিযান চলাই থকাৰ সময়তে শুকুৰবাৰে পুৱা বিশ্বনাথ ঘাটৰ ছোৱাগুৰীত নিমাতিঘাটত দুর্ঘটনাত পতিত হোৱা ফেৰীখনৰ যাত্ৰী ৰূপৰেখা বৰাৰ বেগ উদ্ধাৰ হয়। ইয়াৰ পিছতে বিশ্বনাথতো আৰম্ভ কৰা হৈছে নিমাতিঘাটৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকা লোকৰ সন্ধান বিচাৰি অভিযান। বিশ্বনাথ ঘাট নদী আৰক্ষীয়ে বিশ্বনাথত ব্ৰহ্মপুত্ৰ নদীত অভিযান অব্যাহত ৰখাৰ সময়তে এই অভিযানত যোগ দিয়ে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।