বৰপেটা : বৰপেটা জিলাৰ কয়াকুছি বজাৰত শুকুৰবাৰে বৰপেটা জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান৷ জিলাখনৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি বজাৰৰ ২৪৩ টা দোকান গৃহত চলিল জিলা প্ৰশাসনৰ এক্সকেভেটৰ৷ বৰপেটা জিলা অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকৰ নেতৃত্বত জিলা প্ৰশাসন, আৰক্ষী আৰু চিআৰপিএফৰ এটা বৃহৎ দলে বজাৰখনত উচ্ছেদ অভিযান চলায়৷

প্ৰশাসনে তিনিখনকৈ এক্সকেভেটৰ লগাই এফালৰ পৰা ভাঙি পেলায় বজাৰখনত চৰকাৰী ভূমিত থকা দোকানসমুহ৷ চিগনেছাৰ আঁচনিৰ অধীনত বজাৰখনত ১০ কোটি টকা ব্যয় সাপেক্ষে বজাৰ গৃহ নিৰ্মাণৰ বাবে প্ৰসাদনে উচ্ছেদ অভিযান চলায়। বজাৰখনৰ চৰকাৰী ভূমিত ব্যৱসায় চলাই থকা দোকানীসকলক বজাৰৰ মাটি মুকলি কৰি দিবলৈ জিলা প্ৰশাসনে দিয়া নিৰ্দেশ পালন নকৰাৰ বাবেই শুকুৰবাৰে প্ৰশাসনে এক্সকেভেটৰ লগাই বজাৰখনৰ ২৪৩ খনকৈ দোকান ভাঙি পেলায়৷ ইফালে উচ্ছেদ অভিযানৰ মাজতে ৰাইজৰ দল আৰু বাওঁপন্থী দলৰ দুগৰাকী নেতাক আৰক্ষীয়ে থানালৈ মাতি নি বহুৱাই ৰাখে৷

ৰাইজৰ দল আৰু বাওঁপন্থী দলৰ নেতাদুগৰাকীক আটক কৰা হোৱা নাই যদিও উচ্ছেদ কাৰ্যত প্ৰতিবাদ সাব্যস্ত কৰাৰ আশংকাত নেতা দুগৰাকীক কয়াকুছি থানাত বহুৱাই ৰাখে আৰক্ষীয়ে৷ উক্ত উচ্ছেদৰ ঘটনাক লৈ ব্যৱসায়ীসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু তেওঁলোকে যাতে বজাৰ গৃহৰ আৱন্টন লাভ কৰে ইয়াৰ দাবী জনাইছে৷