গুৱাহাটী : অৱশেষত সঁচা প্ৰমাণিত হ’ল অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই উত্থাপন কৰা অভিযোগ। মানৱ অধিকাৰ তথা সমাজ কর্মী গৰাকীয়ে এই সন্দৰ্ভত কয় অসমত একাংশ আৰক্ষীৰ দ্বাৰা চলাই থকা বিভিন্ন অত্যাচাৰৰ লগতে একাংশ সন্দেহযুক্ত অপৰাধীক গুলীয়াই হত্যা কৰা কাৰ্যক সম্পূৰ্ণ মানৱ অধিকাৰ উলঙ্ঘন। অধিকাংশ সংঘৰ্ষই ভুৱা বুলি অভিযোগ উত্থাপন কৰি আহিছিল মানৱ অধিকাৰ তথা সমাজ কর্মী গৰাকীয়ে।

হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ দিনৰে পৰা এক্সট্ৰা জুদীচিয়েল কিলিং আৰম্ভ হৈছিল। ন্যায় ব্যৱস্থাক ভেঙুচালি কৰি সন্দেহযুক্ত অপৰাধীক গুলীয়াই হত্যা কৰাটো সম্পূৰ্ণৰূপে মানৱ অধিকাৰ খৰ্ব কৰাকে বুজায়। আনহাতে সৰু সৰু কথাতে একাংশ আৰক্ষীয়ে সাধাৰণ লোকক অত্যাচাৰ চলাই আহিছে। শেহতীয়াকৈ নগাঁৱৰ কীৰ্তি কমল বৰা নামৰ যুৱকজনক কোনো কাৰণ নোহোৱাকৈ অসম আৰক্ষীয়ে হত্যাৰ অভিপ্ৰায়ৰে গুলীয়াই গুৰুত্বৰভাৱে আহত কৰে।

অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰৰ তদন্তত স্পষ্ট হৈ পৰে যে নগাঁৱৰ ঘটনাত আৰক্ষী সম্পূৰ্ণৰূপে জগৰীয়া আৰু সম্পূৰ্ণ ভুৱা এনকাউণ্টাৰ আছিল বুলিও উল্লেখ কৰে মানৱ অধিকাৰ তথা সমাজ কর্মী গৰাকীয়ে। বিনা কাৰণত কীৰ্তি কমল বৰা নামৰ যুৱকজনক গুলীয়াই চিৰ জীৱনৰ বাবে ঘুনীয়া কৰা ৰহস্য ফাদিল হোৱাৰ পিছতে প্ৰদীপ বণিয়া নামৰ আৰক্ষী বিষয়া জনক নিলম্বন কৰাৰ লগতে গ্লেমাৰৰ দৌৰত থকা আৰক্ষী অধীক্ষক আনন্দ মিশ্রক তাৎক্ষণিকভাৱে বদলি কৰিবলৈ চৰকাৰ বাধ্য হয়।

সেয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে তেওঁ উত্থাপন কৰি অহা অভিযোগ আজি সঁচা প্ৰমাণিত হ’ল। উল্লেখযোগ্য যে ডঃ দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে অসমৰ ভুৱা এনকাউন্টৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত অভিযোগ দাখিল কৰিছে। ডঃ শইকীয়াই উল্লেখ কৰে যে অসম চৰকাৰৰ গৃহ বিভাগে নিৰন্তৰ মানৱ অধিকাৰ উলঙ্ঘন কৰি আহিছে।