জোনমণি বেগম

বিশ্বনাথ : বনৰীয়া ম’হৰ আক্ৰমণত আহত দুজনকৈ শিশু। বিশ্বনাথ ২ নং ভোলাকটাত এটা বনৰীয়া ম’হৰ আক্ৰমণত দুজনকৈ শিশু আহত হয়। এজন শিশুৰ অৱস্থা গুৰুত্বৰ হোৱাত শিশুটিক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

বিশ্বনাথত বনৰীয়া ম’হৰ সন্ত্ৰাস। বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰা কৰি এটা বনৰীয়া ম’হে বিশ্বনাথৰ বিভিন্ন অঞ্চলত মানুহৰ ওপৰত আক্ৰমণ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰে। বনৰীয়া ম’হটোৰ আক্ৰমণত দুজনকৈ শিশু আহত হৈছে। আহত শিশু দুটিৰ ছাবেদ আলী নামৰ শিশুটিৰ অৱস্থা অধিক গুৰুত্বৰ হোৱাত শিশুটিক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

আনহাতে বনৰীয়া ম’হটোৰ আক্ৰমণত আহত আনজন শিশু বিশ্বনাথ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে বিশ্বনাথৰ পূৱ ভীৰ গাঁৱৰ ১ নং জাপৰিজানত সৰিয়হ খেতিত সোমাই আছিল বনৰীয়া ম’হটো। বন বিভাগৰ লোকে বনৰীয়া ম’হটোক সেই স্থানৰ পৰা খেদি পঠিওয়াত ম’হটো ২ নং ভোলাকাটাত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে।

বনৰীয়া ম’হটো অঞ্চলটোত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰাত ৰাইজ আতংকিত হৈ পৰে। ইফালে দুটি শিশুয়ে পথাৰত ছাগলী এৰাল দিবলৈ যোৱাৰ সময়তে বনৰীয়া ম’হটোয়ে শিশু দুটিক আক্ৰমণ কৰি আহত কৰে।জানিব পৰা মতে বন বিভাগৰ দল ৰাওনা হৈছে বনৰীয়া ম’হটোক সেই স্থানৰ পৰা পুনৰ খেদি পঠিয়াবলৈ।