ৰঙিয়া, ২৩ নৱেম্বৰঃ ৰঙিয়াৰ ৰাজহুৱা বাছ অৱস্থানত স্থানীয় ৰাইজে আজি উদ্ধাৰ কৰে এগৰাকী কিশোৰীক। বাছ অৱস্থানত কিশোৰী গৰাকী কান্দি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে কিশোৰী গৰাকীৰ কাষ চাপি জানিব পাৰে যে কিশোৰী গৰাকীৰ ঘৰ ঢেকীয়াজুলিৰ কীয়াজুলিত। কীয়াজুলী থানাৰ সমীপৰ প্ৰয়াত নৃপেন ৰাভাৰ কন্যা কিশোৰী গৰাকী। পিতৃৰ বিয়োগৰ পিছত মাতৃ পৰি ৰাভাৰ লগত কিশোৰী গৰাকী ঢেকীয়াজুলিতে থাকে। কিন্তু এই ১৬ বছৰীয়া কিশোৰী গৰাকীক এজন অচিনাক্ত যুৱকে ঘৰত থৈ অহাৰ কথা কৈ ৰঙিয়ালৈ আনে। কিশোৰী গৰাকীয়ে জানিবলৈ দিয়া মতে ঢেঁকীয়াজুলিৰে অলি নাথ নামৰ এগৰাকী মহিলাৰ সহযোগত যুৱকজনে তাইক ৰঙিয়ালৈ আনি বহি:ৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰি থাকোতে কিশোৰী গৰাকীয়ে চিঞৰি দিম বুলি কোৱাত যুৱক জন পলায়ন কৰে। পিছত স্থানীয় ৰাইজে বাছ অৱস্থানত কিশোৰী গৰাকীক উদ্ধাৰ কৰি ৰঙিয়া আৰক্ষীক গতাই দিয়ে।