৩১ ডিচেম্বৰ ২০১৭ ৰ ভিতৰত এন আৰ চি (NRC) ৰ খচৰা প্ৰকাশ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি, আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। বিদেশী মুক্ত অসমৰ গঢ়াৰ স্বাৰ্থত এটা সবল জাতি গঠনত স্বাৰ্থত তেওঁলোকে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছে বুলি জানিবলৈ দিয়ে । সংগঠনটোৱে প্ৰতিবাদস্থলীৰ পৰাই যোৰহাট জিলা উপায়ুক্তৰ যোগেদি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিলৈ বিষয়টোৰ সম্পৰ্কে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সোনকালে আৰু সঠিকভাৱে যদি এন আৰ চিৰ খচৰা প্ৰস্তুত নকৰে তেন্তে পৰৱৰ্তী পৰ্যায়ত জংগী আন্দোলনৰ কাৰ্যসূচীৰ হুংকাৰ দিয়ে সংগঠনটোৱে।