ডিব্ৰুগড়, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ : দালাল ৰূপত এইবাৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক । ডিব্ৰুগড় সাহিত্য সভাৰ সাধাৰণ সম্পাদক গৌতম গগৈয়ে শিক্ষাৰ্থীৰ পৰা লুটিলে হাজাৰ হাজাৰ টকা।

সাংবাদিকতাৰ পৰিচয় দি ফুৰা গৌতম গগৈৰ ওপৰত দীৰ্ঘদিন ধৰি বিভিন্ন বৃত্তিমূলক শিক্ষা প্ৰদানৰ নামত ছাত্ৰ ছাত্ৰীসকলৰ পৰা লুন্ঠনৰাজ চলাই অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

উল্লেখযোগ্য যে বিতৰ্কিত ব্যক্তি গৌতম গগৈয়ে অসম চৰকাৰৰ স্কীল ডেভলপমেন্ট মিছনৰ অৰ্ন্তগত এখন প্ৰতিষ্ঠান খুলে আৰু প্ৰতিষ্ঠানটোৰ শিক্ষাথীৰ পৰা হাজাৰ হাজাৰ টকা লুটে।

শুকুৰবাৰে শৈক্ষিক প্ৰতিষ্ঠানখনত এক বৃত্তিমূলক শিক্ষাৰ পৰীক্ষা অনুষ্ঠিত কৰা বুলি এক প্ৰচাৰ চলাই । যাৰ বাবে একাংশ শিক্ষাৰ্থীয়ে নিজৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰৰ লগতে নিজৰ পৰিচয় পত্ৰ সমূহ লগত লৈ পৰীক্ষাত বহিবলৈ আহে।

ইফালে পৰীক্ষা গৃহত পৰীক্ষাৰ্থীসকলক নিজৰ নিজৰ প্ৰমাণ পত্ৰৰ পৰিৱৰ্তে অন্য শিক্ষাৰ্থীৰ নামত ভুৱা পেন কাৰ্ড যোগান ধৰি পৰীক্ষা গৃহত বহিবলৈ বাধ্য কৰায়। এই কাৰ্যত একাংশ শিক্ষাৰ্থীৰ সন্দেহ হয় আৰু পৰীক্ষাত নবহি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে যদিও গৌতম গগৈ নামৰ লোকজনে পলায়ন কৰে।

ইতিমধ্যে আৰক্ষীয়ে বিষয়তো গুৰত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে ৷

ইফালে বিতৰ্কিত ব্যক্তি এজনে আচ্ছাম স্কিল ডেভলপমেণ্ট মিছনৰ দৰে এখন গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ দায়িত্ব কেনেকৈ পালে সেয়াও যেন এক সাঁথৰ।

সাম্প্ৰতিক সময়ত যেন গৌতম গগৈৰ দৰে লোকসকলৰ বাবে দাদাল এটা বৃত্তি স্বৰূপ হৈ পৰিছে।