নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ নৱেম্বৰ : বিভিন্ন সংবাদ মাধ্যমসমূহৰ লগত জড়িত সাংবাদিকসকলে ১৯৬৬ চনত সাংবিধানিক সংস্থা ৰূপে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া স্থাপন কৰিছিল। সেই তেতিয়াৰে পৰা অৰ্থাৎ ১৯৯৬ চনৰ পৰা ১৬ নৱেম্বেৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈছে ।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিভিন্ন জিলাত বিভিন্ন কাৰ্য্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হৈছে। শিৱসাগৰত জনসংযোগ বিভাগৰ উদ্যোগত জিলাখনত প্ৰেছ ক্লাব, ই-মিডিয়া সংস্থাৰ সহযোগত পৰিবহণ তিনিআলিত চলোৱা হৈছে চাফাই অভিযান ।

ইফালে বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত কাজিৰঙাৰ কহৰা চাৰিআলিতো চলোৱা হয় চাফাই অভিযান।

উল্লেখযোগ্য যে সাংবাদিকৰ সুৰক্ষা, আৰ্থিক পৰিস্থিতি, প্ৰকৃত স্বাধীনতা সুনিশ্চিত কৰিবলৈ, তথা সজাগতা সৃষ্টিৰ বাবেই ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷