Basiruddin Ahmed 

ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক কৰি ৰাখিলে শুকুৰ আলীক। লপা-থপা দি ৰাইজে শুকুৰ আলীক গতাই দিলে আৰক্ষীক।

ধুবুৰী জিলাৰ গৌৰীপুৰৰ শুকুৰ আলী সকলো সময়তে সামাজিক মাধ্যমত চৰ্চিত ব্যক্তিত্বৰ অধিকাৰী। শুকুৰ আলীৰ মন্তব্য আৰু কৰ্মকাণ্ড সামাজিক মাধ্যমত মুহূৰ্ততে ভাইৰেল হৈ পৰে। শুকুৰ আলী চৰ্চালৈ আহিছিল ধুবুৰীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ধুবুৰী লোকসভাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ চৰ্চালৈ অহা শুকুৰ আলী বিগত কিছুদিন ধৰি চৰ্চিত হৈ আছে এখন ছবি নিৰ্মাণ কৰি।

ৰাজনৈতিক নেতাৰ পৰা ছবিৰ নায়ক হৈ বৰ্তমান চৰ্চাত থকা শুকুৰ আলী এইবাৰ ৰাইজৰ ৰোষত পৰিছে। ধন আত্মসাৎ কৰি ৰাইজৰ লপা-থপা খাইছে শুকুৰ আলীয়ে। পৰ্বতঝোৰাৰ মদাতীত শুকুৰ আলীয়ে চৰকাৰী ঘৰ দিয়াৰ নামত বহু দুখীয়া লোকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ৰাইজে দীর্ঘসময় ধৰি ধন আত্মসাৎ কৰাৰ অভিযোগত শুকুৰ আলীক আটক কৰি ৰাখে।

ৰাইজৰ ৰোষত পৰা শুকুৰ আলীক পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ নিয়ে। ৰাইজে লপা-থপা দি শুকুৰ আলীক জবাবদিহী কৰে। শুকুৰ আলীয়ে বহু লোকৰ জব কাৰ্ডৰ টকা আত্মসাৎ কৰা বুলিও একাংশ লোকে অভিযোগ কৰে।

ৰাইজে শুকুৰ আলীক কাজিগাঁও আৰক্ষীক গতাই দিয়ে। বৰ্তমান শুকুৰ আলীক কাজিগাঁও আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কিছুদিন পুর্বে শুকুৰ আলীৰ বিবাহে সামাজিক মাধ্যম চৰ্চা লাভ কৰিছিল। বঙাইগাঁও জিলাৰ গোসাইগাঁও মহকুমাৰ ঠাকুৰপুৰৰ এগৰাকী যুৱতীৰ লগত শুকুৰ আলীৰ বিবাহ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।