জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ দিলীচাঙৰ এগৰাকী কাৰ্বি সম্প্ৰদায়ৰ সাংবাদিক চন্দ্ৰসিং ৰংপীলৈ আগবঢ়োৱা হ’ব গ্ৰাম্য সাংবাদিকতাৰ বঁটা (Journalist Award)। অহা ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব বুলি সদৰি কৰিছে অসমৰ সাংবাদিক জগতৰ অগ্ৰণী সংগঠন জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফাই।

এক প্ৰেছ বিবৃতি যোগে জাফা এচিভমেণ্ট এৱাৰ্ড ২০২২ গ্ৰাম্য সাংবাদিকতাৰ বঁটাৰ বাবে অসমৰ ২০ গৰাকীকৈ সাংবাদিকক নিৰ্বাচিত হৈছে বুলি জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগাঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে জানিব দিয়ে। ইয়াৰে ভিতৰত বিশ্বনাথৰ সাংবাদিক তথা বিশ্বনাথ কাৰ্বি লাইভ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক চন্দ্ৰসিং ৰংপীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে সংবাদ জগতৰ অন্যতম সংগঠন জাফাই।

ইতিমধ্যে এই খবৰে সমগ্ৰ কাৰ্বি আংলং জিলাৰ লগতে বিশ্বনাথতো আনন্দ জোৱাৰ উঠিছে। বিভিন্ন দল-সংগঠনে তথা শুভাকাংক্ষী ৰাইজে সাংবাদিক চন্দ্ৰসিং ৰংপীলৈ শুভেচ্ছা আৰু অভিনন্দন জনাইছে। উল্লেখ্য যে সাংবাদিক গৰাকীয়ে নিজা প্ৰচেষ্টাত বিশ্বনাথ কাৰ্বি লাইভ নামৰ চেনেলৰ যোগেদি অসমৰ চুকে কোণে বিশেষকৈ গ্ৰাম্য অঞ্চলবাসীৰ বিভিন্ন ধৰণৰ সমস্যা, অভাৱ-অভিযোগৰ বা-বাতৰি সমুহ নিষ্ঠাসহকাৰে পৰিবেশন কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

সংবাদ জগতৰ এগৰাকী দক্ষ সাংবাদিক হিচাবে নিষ্ঠা সহকাৰে কাম কৰা চন্দ্ৰসিং ৰংপী কেৱল সাংবাদিকতাৰ ক্ষেত্ৰতে নহয় সমাজ সেৱক তথা সাহিত্য জগতৰ লগতো জড়িত হৈ আছে। অসমৰ সৰ্বকনিষ্ঠ সাহিত্যিক হিচাবে সুনাম অৰ্জন কৰা সাংবাদিক গৰাকীৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে বিভিন্ন বাতৰি কাকত আলোচনী আদিত লেখামেলা প্ৰকাশ পাই আহিছে। এই পৰ্যন্ত সাংবাদিক গৰাকীৰ ৮ খনৰো অধিক গ্ৰন্থ প্ৰকাশ পোৱাৰ বিপৰীতে আন ২ খন গ্ৰন্থ অতি শীঘ্ৰে প্ৰকাশ পাব বুলি সাংবাদিক গৰাকীয়ে জানিব দিয়ে।

সাংবাদিক গৰাকীলৈ সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁৰ নাম এই বঁটাৰ বাবে নিৰ্বাচিত কৰাত সুখী হোৱা বুলি জানিবলৈ দিয়ে৷ সাংবাদিক গৰাকীয়ে লগতে জাফাৰ সভাপতি সম্পাদক প্ৰধানকে ধৰি সমুহ বিষয়ববীয়া সকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।