পলাশবাৰী, সংবাদ ৩৬৫, ২১ ছেপ্টেম্বৰ : ভ্ৰুণ হত্যাৰ অভিযোগত ৰঙাঘৰৰ আলহি হল চিকিৎসক তথা এসময়ৰ বিজেপি নেতা ঘণশ্যাম দাস । দক্ষিণ কামৰূপৰ বকোস্থিত দাস ক্লিনিকৰ স্বত্ত্বাধিকাৰী ঘণশ্যাম দাস ।

ঘণশ্যাম দাস এসময়ৰ বিজেপি নেতা আছিল যদিও যোৱাবাৰ বকোৰ পৰা বিধান সভাত প্ৰাৰ্থীত্ব নাপায় দল ত্যাগ কৰি নিৰ্দলীয় হৈছিল । পিছে এই গৰাকী চিকিৎসক তথা প্ৰাক্তন বিজেপি নেতাই দাগ সানিলে নিজৰ পেচাত । এশ গৰু মাৰিলে মৰণ মিলাৰ দৰেই একাধিক ভ্ৰুণ হত্যা কৰি ধৰা পৰিল চিকিৎসকজন ।

পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ঘণশ্যাম দাসক । চিকিৎসকজনে ক্লিনিকত গোপনে ভ্ৰুণ হত্যাৰে অবাধ ধন লুটিছিল যাৰ বাবে ধৰা পৰি আলহি হব লগা হয় ৰঙাঘৰৰ ।

দক্ষিণ কামৰূপৰ এগৰাকী ১৭ বছৰীয়া যুৱতীৰ ভ্ৰুন নষ্ট কৰাৰ অভিযোগত পলাশবাৰী আৰক্ষী থানাত এক গোচৰ দিছিল । গোচৰৰ ভিত্তিত ইউ এছ ৩৭৬(এ) (এন) আই পি চি, আৰ/ডব্লিউ চেকশ্যন এড চেকশ্যন ৩১৫ আই পি চি ৪ প’চক’ ধাৰাৰ অধীনত ২৫১/১৯ নংত পলাশবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল।

গোচৰৰ ভিত্তিতে পলাশবাৰী আৰক্ষীয়ে যোৱানিশা বকোৰ দাস ক্লিনিকৰ পৰা গ্ৰেপ্তাৰ কৰি আনি সোধ-পোছ কৰি আজি প্ৰাথমিক চিকিৎসা কৰি আদালতলৈ প্ৰেৰণ কৰে ।